কাকপথাৰ, ২১ ফেব্ৰুৱাৰীঃ তিনিচুকীয়া জিলাৰ ডিৰাক কপাহতলীত অৱস্থিত পদ্মনাথ গোহাঞিবৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাকপথাৰৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰ্ণয় কোষৰ সৌজন্যত আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষ্যে আজি এখন সভা অনুষ্ঠিত হৈ যায়।
মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ঠানুৰাম মজিন্দাৰে শুভ উদ্বোধন কৰি এই দিৱসৰ ইতিহাস আৰু তাৎপৰ্য অৱগত কৰে। মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰ্ণয় কোষৰ সমন্বয়ক তথা ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক সঞ্জীৱ কলিতাই আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ ২০২২ বৰ্ষৰ বাবে ঘোষিত কেন্দ্ৰীয় বিষয়টোত আলোকপাত কৰি বহুভাষিক শিক্ষণত তথ্য প্ৰযুক্তিৰ প্ৰয়োগ সম্পৰ্কত গুৰুত্ব দি বক্তব্য ৰাখে।
মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা আকাংক্ষিতা শৰ্মাই তেওঁৰ বক্তব্যত কয় যে- মাতৃভাষা মাধ্যমত শিক্ষা গ্ৰহণ কেতিয়াও উচ্চ শিক্ষা লাভ বা বিদেশী ভাষাত দক্ষতা আহৰণত অন্তৰায় হ'ব নোৱাৰে। অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক লক্ষীপ্ৰসাদ দিহিঙীয়াই উত্তৰ পূৰ্বাঞ্চলৰ বিলুপ্তপ্ৰায় ভাষা সমূহৰ তথ্য দাঙি ধৰি অসমত প্ৰচলিত অসমীয়া আৰু আন জনগোষ্ঠীয় ভাষাসমূহৰ সুৰক্ষাত নতুন প্ৰজন্মৰ দায়িত্ব সম্পৰ্কে বক্তব্য ৰাখে।
অনুষ্ঠানটোত সমাজতত্ব বিভাগৰ মুৰব্বী অধ্যাপক ডঃ দ্বীপেন বসুমতাৰী, অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ডঃ আজিজুৰ ৰহমান আৰু শিক্ষাতত্ব বিভাগৰ সহকাৰী অধ্যাপিকা ডঃ ৰিমি বৰাই শিক্ষাগ্ৰহনত মাতৃভাষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে চমুকৈ কয়। ছাত্ৰ -ছাত্ৰীসকলৰ হৈ দিনটোৰ উপলব্ধি ব্যক্ত কৰে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পাৰবিন বেগম আৰু লখেন্দ্ৰ মৰাণে।
মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক পঞ্চানন হাজৰিকাই আঁত ধৰা অনুষ্ঠানটো অসম সংগীতেৰে সামৰণি পৰে।মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক পাৰ্থ প্ৰতিম মৰাণকে ধৰি আন বিষয়ববীয়া আৰু শতাধিক ছাত্ৰ-ছাত্ৰী সভাখনত উপস্থিত আছিল।
Comments