গুৱাহাটী,১৮ ফেব্ৰুৱাৰী:যশস্বী অভিনেতা তথা পৰিচালক বাহাৰুল ইছলামৰ 'দ্যা ছেভেন্থ ষ্ট্ৰিং' নামৰ চলচ্চিত্ৰখন বেংগালুৰু আন্তর্জাতিক চলচ্চিত্র মহোৎসৱলৈ আমন্ত্রিত হৈছে। অহা ৩ মাৰ্চৰ পৰা আৰম্ভ হ'বলগীয়া এই মহোৎসৱত বাহাৰুল ইছলামৰ পৰিচালিত অসমীয়া চলচ্চিত্ৰখন প্রদর্শিত হ’ব।
ইতিমধ্যে দেশ-বিদেশৰ কেইবাটাও চলচ্চিত্র মহোৎসৱত অংশগ্রহণ কৰি এই চলচ্চিত্ৰখনে পুৰস্কৃত হৈছে। কৈশোৰ আৰু যৌৱনৰ সন্ধিক্ষণত এগৰাকী যুৱতীৰ জীৱনত ঘটা অভাৱনীয় ঘটনাৰ আলমত 'দ্যা ছেভেন্ত ষ্ট্ৰিং' নিৰ্মাণ কৰা হৈছে।
দ্যা ফ্লায়িং ছিগাল প্রডাকচনৰ দ্বাৰা প্রযোজিত চিনেমাখনত কুণাল শৰ্মা, জিলমিল হাজৰিকা, আছফাক খান, দীনেশ কাকতি, সিদ্ধার্থ মুখার্জী, নেইন ইবতিচাম, ভাগীৰথী, পূর্ণিমা শইকীয়া, জিত বৰুৱা, ৰাহুল গৌতম, বর্ষা বাহাৰ, ৰাজীৱ ক্ৰ’, বিনোদলাল দাস আদিকে ধৰি আন কেইবাগৰাকী অভিনেতা অভিনেত্রীয়ে অভিনয় কৰিছে।উল্লেখযোগ্য যে এই মহোৎসৱ ১০ মার্চ পর্যন্ত চলিব।
Comments