গুৱাহাটী,১৮ ফেব্ৰুৱাৰী:ৰাজ্যৰ চলচ্চিত্ৰ প্ৰেমীলৈ সু-খবৰ। অহা ২৬ ফেব্ৰুৱাৰীত মুক্তিলাভ কৰিব অসমীয়া ছবি ‘হিৰো’ই৷ হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাত মুক্তি পাব লগা ছবিখনৰ পটভূমি এগৰাকী যুৱকৰ বাস্তৱ কাহিনী।
উল্লেখযোগ্য যে ‘হিৰো’ৰ চিত্ৰনাট্য আৰু সংলাপ মহৰ্ষি তুহিন কাশ্যপ আৰু পৰিচালনা দাসৰ। ছবিখনত নবীন-প্ৰবীণ বহুকেইগৰাকী অভিনেতা-অভিনেত্ৰী সমাহাৰ ঘটিছে। বিশেষকৈ অভিনয়ত অৰুণ হাজৰিকা, সিদ্ধাৰ্থ মুখাৰ্জী, জ্যোতি নাৰায়ণ নাথ প্ৰমুখ্যে ছবি মূল চৰিত্ৰত অভিনয় কৰিছে নৱ প্ৰজন্মৰ চন্দন দাস আৰু সন্ধ্যা হাজৰিকাই।বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি পৰিচালক হিমাংশু প্ৰসাদ দাসে কয়- অহা ২৬ ফেব্ৰুৱাৰীত জ্যোতি চিত্ৰবনত প্ৰথম তিনিটা দৰ্শনী প্ৰদৰ্শিত হ’ব। ৰাজ্য বিভিন্ন প্ৰান্তত চিনেমা হল নথকা স্থানতো প্ৰদৰ্শিত হ’ব ‘হিৰো’। সামাজিক মাধ্যম OTT প্লেটফৰ্মৰ ৰীলড্ৰামাত উপলব্ধ হ’ব ‘হিৰো’।
Comments