বোকাখাত, ১৮ ফেব্ৰুৱাৰীঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত আজি পুৱা এটা ঢেকীয়াপতীয়া বাঘৰ কংকাল উদ্ধাৰ হয় ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ বনকৰ্মীয়ে আজি পুৱা কহঁৰা বনাঞ্চলৰ কাৰচিন বনশিৱিৰ এলেকাৰ এখন কাঠনিত বাঘটোৰ কংকাল প্ৰত্যক্ষ কৰি বনাঞ্চলিক বিষয়াক খবৰ দিয়ে ৷
পিচত কাজিৰঙাৰ ডি এফ অ' ৰমেশ কুমাৰ গগৈ, উপ বন সংৰক্ষক খৰ্গসিং ডেকাৰজা, গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, বনাঞ্চলিক বিষয়া বিভূতি ৰঞ্জন গগৈ আৰু পশু চিকিৎসক ডা৹ বিশ্বজিত গগৈ ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত কৰাৰ লগতে বাঘটোৰ অৱশিষ্ট কংকাল আৰু ছালৰ নমুনা সংগ্ৰহ কৰাৰ লগতে পৰীক্ষা কৰে ৷
প্ৰথম অৱস্থাত ঢেকীয়াপতীয়া বাঘটো পাৰস্পৰিক যুঁজত মৃত্যু হোৱা বুলি ভাবিছিল যদিও তদন্তকাৰী দলৰ পৰীক্ষাত বাঘটোৰ লাওঁখোলাত পোৱা তথ্যৰ আধাৰত বাঘটো ম'হৰ আক্ৰমনত মৃত্যু হোৱা বুলি জনায় ৷ তদন্তৰ শেষত প্ৰায় এসপ্তাহৰ আগতে মৃত্যু তিনি বছৰীয়া এই মতা বাঘটোৰ কংকাল আৰু ছালৰ অৱশিষ্ট অংশ ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণৰ নিৰ্দেশানুসৰি ঘটনাস্থলীতে দাহ কৰা হয় ৷ উল্লেখ্য যে চলিত বৰ্ষত কাজিৰঙাত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হোৱা এইয়া প্ৰথমতো ঘটনা ৷
Comments