গুৱাহাটী, ১৯ ফেব্ৰুৱাৰীঃ পৃথিৱীৰ আটাইতকৈ ডাঙৰ ঘৰিয়ালটোৰ মৃত্যু হৈছে, যাৰ নাম গিনিছ বুকত লিপিবদ্ধ কৰা হৈছে। লোলং নামৰ এই ঘৰিয়ালটোৱে ২০১২ চনত বিশ্ব অভিলেখ গঢ়ে আৰু তেতিয়া ই পৃথিৱীৰ আটাইতকৈ ডাঙৰ ঘৰিয়াল হিচাপে খ্যাতি অৰ্জন কৰে। কিন্তু প্ৰায় ১০ বছৰৰ পিছত, এক অদ্ভুত কাৰণত এই প্ৰাণীটোৰ মৃত্যু হয়।
বাতৰি অনুসৰি, এই বিশাল ঘৰিয়ালটো ভেঁকুৰৰ দ্বাৰা সংক্ৰমিত হয়। লগতে, মানসিক চাপ এই প্ৰাণীটোৰ মৃত্যুৰ কাৰণ বুলি বিজ্ঞানীসকলে বিশ্বাস কৰিছে। লোলং, যাক আটাইতকৈ ডাঙৰ নিমখীয়া পানীৰ ঘৰিয়াল বুলি কোৱা হয়৷ ই পূৰ্বে এজন স্কুলীয়া ছাত্ৰ আৰু এজন মাছমৰীয়াক চিকাৰ কৰিছে। ইয়াৰ পিছত ইয়াক ২০১১ চনত কাৰাবাস দিয়া হয়।
বন্দী অৱস্থাত, ২০১২ চনত এই ঘৰিয়ালটোৰ নামত বিশ্ব ৰেকৰ্ড লিপিবদ্ধ কৰা হয়, কিয়নো তেতিয়া ই আছিল পৃথিৱীৰ আটাইতকৈ ডাঙৰ ঘৰিয়াল, যাৰ দৈৰ্ঘ্য প্ৰায় ২১ ফুট আছিল। কিন্তু দুজন লোকৰ চিকাৰৰ পিছত, ইয়াক ফিলিপাইনছৰ এখন উদ্যানত বন্দী কৰা হয়, যাতে বাকী লোকসকল ইয়াৰ পৰা সুৰক্ষিত থাকিব পাৰে। উদ্যানখনত বন্দী হৈ থকাৰ সময়ত, পৰ্যটকসকলে দূৰদূৰণিৰ পৰা এই দানৱ আকাৰৰ ঘৰিয়ালটো চাবলৈ আহে। প্ৰথম দৰ্শনত, যিসকলে ইয়াক দেখিছে, তেওঁলোক ৰোমাঞ্চিত হৈ পৰিছে, কিয়নো কোনেও কেতিয়াও ইমান ডাঙৰ ঘৰিয়াল দেখিবলৈ সক্ষম হোৱা নাই। এইকাৰণেই উদ্যানখনৰ কৰ্মীসকলেও ইয়াৰ ভালদৰে যত্ন লয় আৰু ই উদ্যানখনৰ গৌৰৱ হৈ পৰে।
ইপিনে, উদ্যানখনৰ বিষয়াসকলে কোৱা অনুসৰি, এই ঘৰিয়ালটো দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ লগতে ভেঁকুৰৰ দ্বাৰা সংক্ৰমিত হয়। ইয়াৰ লগতে, চিন্তাই এই প্ৰাণীটোৰ মৃত্যুৰ কাৰণ বুলিও বিশ্বাস কৰা হয়। উদ্যানৰ বিষয়াসকলে লগতে কৈছে যে, "ঘৰিয়ালটোৱে দীৰ্ঘদিন ধৰি একো খোৱা নাই।" ইপিনে, চিকিৎসকে কৈছে যে, "বতৰৰ দ্ৰুত পৰিৱৰ্তনৰ বাবে, ঘৰিয়ালটোৰ স্বাস্থ্য একেৰাহে বেয়া হৈ আহিছিল।"
বৰ্তমান, এই অনন্য প্ৰাণীটোৰ মৃত্যুৰ পিছত মানুহবোৰ দুঃখিত হৈ পৰিছে। সকলোৱে সামাজিক মাধ্যমৰ জৰিয়তি দাবী কৰিছে যে ঘৰিয়ালটোৰ অৱশিষ্টবোৰ সংগ্ৰহালয়ত ৰাখিব লাগে। উদ্যানখন ভ্ৰমণৰ কথা মনত পেলাই এজন ব্যক্তিয়ে কৈছে যে, "ইয়াক জীৱিত অৱস্থাত দেখিবলৈ পোৱাটো এক শিহৰণকাৰী মূহুর্ততকৈ কম নহয়।"
Comments