গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী: চৰাইদেউ জিলাৰ জিলা দণ্ডাধীশ পল বৰুৱাই যোৱা ২৩ ফেব্ৰুৱাৰীত জাৰি কৰা এক নিৰ্দেশযোগে জিলাখনৰ সীমাঞ্চলৰ ৫ কিলোমিটাৰ পৰিসৰত থকা নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া অঞ্চলসমূহত ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত তৎকালীন ভাৱে বলৱৎ হোৱাকৈ সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈকে নৈশ সান্ধ্য আইন জাৰি কৰিছে। এই আদেশ পৰৱৰ্তী ৬০ দিনৰ বাবে বাহাল থাকিব।
অৱশ্যে, কৰ্মত নিয়োজিত দণ্ডাধীশসকল, সেনা, চি আৰ পি এফ, আৰক্ষী আৰু অসামৰিক বিষয়াসকলক এই আদেশৰ আওতাৰ বাহিৰত ৰখা হৈছে। নৈশ সান্ধ্য আইন জাৰি কৰা অঞ্চলসমূহ হৈছে ক্ৰমে অসম- নাগালেণ্ড সীমাৱৰ্তী অঞ্চলৰ নামতোলা, সাপেখাতী আৰু সোণাৰি আৰক্ষী চকীৰ অন্তৰ্গত সীমামূৰীয়া এলেকাসমূহ আৰু অসম- অৰুণাচল প্ৰদেশৰ সীমাৱৰ্তী অঞ্চলৰ সাপেখাতী, বৰহাট, চৰাইপুং আৰক্ষী চকীৰ অন্তৰ্গত সীমামূৰীয়া এলেকাসমূহ । এই আদেশ অমান্য কৰিলে ভাৰতীয় দণ্ডবিধিৰ আইনৰ ১৮৮ ধাৰাৰ অনুসৰি আইন মতে দণ্ডনীয় হ'ব।
Comments