দিছপুৰ, ২৩ ফেব্ৰুৱাৰী: নিৰ্বাচনী প্ৰচাৰৰ বাবে ভাৰতীয় নিৰ্বাচনী আয়োগে নতুন নিৰ্দেশনা জাৰি কৰিছে।দেশত বৰ্তমানৰ কোভিড পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰাৰ অন্তত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা যথেষ্ট হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত আয়োগে নিৰ্বাচনী প্ৰচাৰৰ বাবে আয়োজন কৰা সভা, শোভাযাত্ৰা আদিত আৰোপ কৰা নিষেধাজ্ঞাসমূহ উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
ৰাজনৈতিক দলসমূহ তথা প্ৰাৰ্থীসকলৰ প্ৰয়োজনীতাৰ প্ৰতি লক্ষ্য ৰাখি এই নিষেধাজ্ঞাসমূহ তৎকালীনভাৱে বলৱৎ কৰা হৈছে। এই অনুসৰি ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলে এতিয়া ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিয়মাৱলীমতে প্ৰচাৰ সভা অনুষ্ঠিত কৰিব পাৰিব। তদুপৰি ৫০ শতাংশ আসন বা ঠাই ব্যৱহাৰ কৰাৰ বাবে থকা নিৰ্দেশনাও উঠাই লোৱা হৈছে। জিলা কৰ্তৃপক্ষৰ পৰা আগতীয়াকৈ অনুমতি লৈ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিয়মাৱলী মানি শোভাযাত্ৰাও কৰিব পাৰিব।
Comments