গুৱাহাটী, ২৪ ফেব্ৰুৱাৰীঃ ৰোহিত শৰ্মাৰ নেতৃত্বত টীম ইণ্ডিয়াই ২৪ ফেব্ৰুৱাৰীত লক্ষ্ণৌৰ অটল বিহাৰী ষ্টেডিয়ামত প্ৰথমখন খেল খেলিব। এই খেলখনৰ আগতে, ৰোহিত শৰ্মাই সংবাদমেলত পৰৱৰ্তী অধিনায়কৰ দাবীদাৰক লৈ এক ডাঙৰ তথ্য প্ৰকাশ কৰিছে।
ইপিনে, খেলখনৰ পিছত সংবাদমেলত ৰোহিত শৰ্মাই যশপ্ৰীত বুমৰাহক প্ৰশংসাৰে উপচাই পেলাইছে। কিয়নো টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই অনুভৱ কৰে যে উপ-অধিনায়কত্বৰ দায়িত্বই পেচ বলাৰ যশপ্ৰীত বুমৰাহক খেলপথাৰত কৰিব বিচৰা কামবোৰৰ ওপৰত অধিক আত্মবিশ্বাস প্ৰদান কৰিব। শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে বুমৰাহক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। ইয়াৰ পূৰ্বে, বুমৰাহে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতৰ উপ-অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছে, যেতিয়া কে এল ৰাহুল অধিনায়ক হয়, সেই সময়ত বুমৰাহে জোহান্সবাৰ্গত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয় টেষ্টৰ সময়ত সেই দায়িত্ব গ্ৰহণ কৰিছে।
অধিনায়ক ৰোহিত শৰ্মাই লগতে কৈছে, "সঁচাকৈ ক'বলৈ গ'লে, উপ-অধিনায়ক বলাৰ হওক বা বেটছমেন হওক, এইটো সঁচাকৈয়ে ইমান গুৰুত্বপূৰ্ণ নহয়। এইটো মন দিবলগীয়া বিষয় যে এজন খেলুৱৈ হিচাপে যশপ্ৰীত বুমৰাহৰ খেলৰ প্ৰতি যথেষ্ট আগ্ৰহ আছে। মই বুমৰাহক ওচৰৰ পৰা দেখিছোঁ। এইটো তেওঁৰ বাবে এতিয়া নেতৃত্বৰ ভূমিকাত খোজ দিয়াৰ এটা সুবৰ্ণ সুযোগ। বুমৰাহে তেওঁৰ খেলক পৰৱৰ্তী পৰ্যায়লৈ লৈ গৈছে। মই নিশ্চিত যে তেওঁ ভৱিষ্যতেও এনে প্ৰদৰ্শন অব্যাহত ৰাখিব। তেওঁ এই নিৰ্দিষ্ট শৃংখলাটোৰ বাবে দলটোৰ উপ-অধিনায়ক হোৱাত মই যথেষ্ট আনন্দিত। মই আশা কৰিছোঁ সকলো ঠিকেই চলি যাব। মই তেওঁক ভালদৰে জানো আৰু ক্ৰিকেটৰ বিষয়ে তেওঁৰ সৈতে বহুত কথা পাতিছোঁ।"
Comments