গুৱাহাটী,২৪ ফেব্ৰুৱাৰী:ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পিছত শ্বেয়াৰ বজাৰটো পৰিলক্ষিত হৈছিল ইয়াৰ ফলাফল। বজাৰ খোলাৰ লগে লগে বোম্বাই ষ্টক এক্সচেঞ্জৰ সূচক চেঞ্চেক্স তীব্ৰভাৱে হ্ৰাস পাইছিল। চেঞ্চেক্স ১,৮০০ পইণ্টতকৈও অধিক হ্ৰাস পাইছিল। পুৱাই দেশৰ শ্বেয়াৰ বজাৰ প্ৰায় ৩ শতাংশ হ্ৰাস পাইছিল।
বজাৰ খোলাৰ লগে লগে আইচিআইচিআই বেংকৰ ষ্টক ৪ শতাংশ হ্ৰাস পাইছিল। সকলো ক্ষেত্ৰীয় সূচক ৰঙা চিহ্নৰ সৈতে তললৈ নামি আহিছিল।নেচনেল ষ্টক এক্সচেঞ্জ ৰ সূচকো ৫১৪ পইণ্ট হ্ৰাস হৈ ১৬,৫৪৮ পইণ্টতহে মুকলি হৈছে।
সকলো ফালৰ পৰা সূচকৰ ব্যাপক পতন আৰু অনিশ্চয়তাৰ জৰিয়তে শ্বেয়াৰ বজাৰৰ ব্যৱসায়ক প্ৰভাৱিত হৈছিল। নিফটিৰ ৫০ টা শ্বেয়াৰৰ ৫০ টায়ে তললৈ নামি আহিছিল। বেংক নিফটি প্ৰায় ১,০০০ পইণ্ট হ্ৰাস হৈ ৩৬,৪২২ ৰ স্তৰলৈ গৈ ব্যৱসায় কৰি আছিল। বেংক নিফটিৰ সকলো ১২ টা শ্বেয়াৰ তললৈ নামি নিজৰ ব্যৱসায় কৰি আছে।
Comments