Cartoon
View Older
গুৱাহাটী,২২ ফেব্ৰুৱাৰী:তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে "পঞ্জাৱ পলিটিক্স টিভি"ৰ সৈতে সম্পৰ্কিত এপ, ৱেবছাইট আৰু ছ'চিয়েল মিডিয়া একাউণ্টৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। যিটো বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন, ১৯৬৭-ৰ অধীনত নিষিদ্ধ ঘোষিত সংগঠন শিখছ ফৰ জাষ্টিছ (এছএফজে)ৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা বুলি প্ৰকাশ পাইছে।
চলিত ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ সময়ত চেনেলটোৱে ৰাজহুৱা শৃংখলা বিঘ্নিত কৰিবলৈ অনলাইন মাধ্যম ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰি থকা বুলি চোৰাংচোৱা তথ্যত প্ৰকাশ পাইছিল। সেয়েহে ওপৰত নিৰ্ভৰ কৰি মন্ত্ৰণালয়ে ১৮ ফেব্ৰুৱাৰীত আইটি নিয়মৰ অধীনত জৰুৰীকালীন ক্ষমতা ব্যৱহাৰ কৰি "পঞ্জাৱ পলিটিক্স টিভি"ৰ ডিজিটেল মিডিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে।
Comments