গুৱাহাটী,২২ ফেব্ৰুৱাৰী:উত্তৰ প্রদেশৰ লখিমপুৰৰ খেৰিত প্রতিবাদী কৃষকক গাড়ীৰে চেপি হত্যা কৰা গোচৰৰ মূল অভিযুক্ত আশিস মিশ্রৰ জামিনত মুক্তিৰ প্রতিবাদত ছুপ্রিম কোর্টত আবেদন জনালে নিহত ব্যক্তিকেইজনৰ পৰিয়ালৰ সদস্যসকলে। আবেদনকাৰী পক্ষৰ অধিবক্তা প্রশান্ত ভূষণে জনোৱা মতে, আশিসৰ জামিনত মুক্তিৰ বিৰুদ্ধে উত্তৰ প্রদেশ চৰকাৰে কোনো আইনী পদক্ষেপ গ্ৰহণ নকৰাত নিহত কৃষকসকলৰ পৰিয়ালে শীর্ষ আদালতৰ দ্বাৰস্থ হৈছে।
উল্লেখ্য, বিগত ১০ ফেব্রুৱাৰীত এলাহাবাদ হাইকোর্টৰ লক্ষ্ণৌ বিচাৰপীঠে কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রী অজয় মিশ্র টেনিৰ পুত্ৰ আশিসৰ জামিন আবেদন মঞ্জুৰ কৰিছিল। কিন্তু অন্য ধাৰাবোৰত জামিন পালেও আদালতৰ আদেশত হত্যা আৰু ষড়যন্ত্রৰ ধাৰাবোৰ উল্লেখ নথকাত আৰু কেইদিনমান জে’লতেই কটাবলগা হয় মন্ত্রী-পুত্রই। পিছত হাইকোর্টত পুনৰ আবেদন কৰাত আদালতে উক্ত ৰায় সংশোধন কৰি ১৬ ফেব্রুৱাৰীত লখিমপুৰৰ খেৰি জে’লৰ পৰা মুক্তি পায় তেওঁ।
Comments