গুৱাহাটী,২৭ ফেব্ৰুৱাৰী:আলিয়া ভাট অভিনীত “গঙ্গুবাই কাঠিয়াৱাড়ী” য়ে শুক্ৰবাৰে বক্স অফিচত খলকনিৰ সৃষ্টি কৰিছে।ছবিখনে প্ৰথম দুদিনতেই এটা ভাল আৰম্ভণি কৰিবলৈ সক্ষম হৈছে। বক্স অফিচ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি,সঞ্জয় লীলা ভাঞ্চালীৰ দ্বাৰা পৰিচালিত এই ছবিখনে প্ৰথম দিনাই ৯.৫০-১০ কোটি টকাৰ সংগ্ৰহ কৰিছিল। ৰণবীৰ সিঙৰ ক্ৰীড়াধৰ্মী ছবি ৮৩’ ৰ তুলনাত,গঙ্গুবাই কাঠিয়াৱাড়ীয়ে মুম্বাইত প্ৰথম দিনৰ ধন সংগ্ৰহৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিছে।
বিঅ’আইৰ প্ৰতিবেদনত কোৱা হৈছে, “এই ছবিখনৰ বাবে এক দৃঢ় আৰম্ভণি আৰু এগৰাকী মহিলা তাৰকা হোৱাৰ লগতে ই বলীউডৰ বছৰটোৰ প্ৰথম খন গৌৰৱময় উদ্বোধনী ছবি হৈ পৰিছে। ছবিখনে মহামাৰীৰ পিছতে ২৫ কোটিৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। ছবিখনৰ ট্ৰেইলাৰ ভাল আছিল কিন্তু সংগীতে কাম নকৰিলে। তথাপিও দৰ্শকৰ উৎসাহ হ্ৰাস হোৱা দেখা নাই।”এতিয়া প্ৰশ্নটো হ’ল, ছবিখনে আল্লু অৰ্জুনৰ পুষ্পাক অতিক্ৰম কৰিব পাৰিবনে? পুষ্পা: দ্য ৰাইজ, যি বিগত বছৰৰ ১৭ ডিচেম্বৰত ছবিগৃহত মুক্তি পাইছিল। ছবিখনৰ বক্স অফিচত এটা ভাল আৰম্ভণি হৈছিল।
Comments