Cartoon
View Older
গুৱাহাটী,২৫ ফেব্ৰুৱাৰী:২৬ মার্চৰ পৰা আৰম্ভ হ’ব এইবাৰৰ আইপিএল। বৃহস্পতিবাৰে আইপিএল গভর্নিং কাউন্সিলৰ বৈঠকত এই সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে।আইপিএলৰ অধ্যক্ষ ব্রিজেশ পটেলে কয়, ‘‘২৬ মার্চৰ পৰা আৰম্ভ হ’ব আইপিএল। কিছুদিনৰ ভিতৰতেই সম্পূৰ্ণ সূচী প্ৰকাশ হ’ব। এই বছৰ ষ্টেডিয়ামত দর্শক থাকিব।’’ এইবাৰৰ আইপিএল হ’ব মহাৰাষ্ট্রত। মুম্বাইত ৫৫খন আৰু পুনেত ১৫খন মেচ হ’ব। ৰাজ্য চৰকাৰৰ অনুমতি অনুযায়ী ২৫ অথবা ৫০ শতাংশ দর্শক ষ্টেডিয়ামত প্রবেশ কৰিব পাৰিব।
খবৰ মতে, মুঠ চাৰিটা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এইবাৰৰ আইপিএল। ৱাংখেড়েত হ’ব ২০খন, ব্রেবোর্নত হ’ব ১৫খন, ডি ৱাই পেটেল ষ্টেডিয়ামত হ’ব ২০খন মেচ আৰু পুনেৰ এমচিএ ষ্টেডিয়ামত হ’ব ১৫খন মেচ।
Comments