গুৱাহাটী,২৫ ফেব্ৰুৱাৰী:তিনিদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে পুৱা অসমত উপস্থিত হয় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গুৱাহাটীৰ বৰঝাৰৰ বিমান বন্দৰত অৱতৰণ কৰাৰ পাছত ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনায় ৰাষ্ট্ৰপতিগৰাকীক। ৰাষ্ট্ৰপতিগৰাকী গুৱাহাটীত উপস্থিত হৈয়ে বিমান বন্দৰৰ পৰা পোনে পোনে কামাখ্যা মন্দিৰলৈ যায় । মা কামাখ্যা মন্দিৰত পূজা-অৰ্চনা কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে পোনে পোনে ৰাজভৱনলৈ যায় আৰু তাতে তেওঁ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। ৰাষ্ট্ৰপতিগৰাকীৰ ৰাজভৱনতেই কিছু সময় জিৰণি লৈ তেওঁ বিয়লি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰে ।
কলাক্ষেত্ৰত তেখেত এঘণ্টা সময়ৰ বাবে উপস্থিত থাকে আৰু তাতে ৰাষ্ট্ৰপতিগৰাকীয়ে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । সেই অনুষ্ঠানৰ পৰাই ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰ্চুৱেলি যোৰহাটত আলাবৈ যুদ্ধৰ স্মৃতিত নিৰ্মাণ হ’বলগীয়া যুদ্ধ স্মাৰক আৰু লাচিত বৰফুকনৰ নতুনকৈ সজাই তুলিব খোজা সমাধি ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰে।
Comments