গুৱাহাটী,২ মাৰ্চ:ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ কাষৰ পৰা এটা এটাকৈ আঁতৰি গৈছে বিভিন্ন আন্তৰাষ্ট্ৰীয় ক্ৰীড়া সংস্থা। আন্তর্জাতিক অলিম্পিক সংস্থা, জুডো ফেডাৰেচন আৰু বিশ্ব টাইকোৱাণ্ডো সংস্থাই বিভিন্ন ধৰণে পুটিনৰ সন্মান কাঢ়ি লৈছে।
আন্তর্জাতিক অলিম্পিক্স সংস্থা (আইঅ’চি)ই এক বিবৃতিত লিখিছে, ‘ব্যতিক্রমী পৰিস্থিতিৰ সৃষ্টি হৈছে। যুদ্ধবিৰতি নীতি গুৰুতৰভাৱে উলঙ্ঘন কৰিছে ৰাছিয়াই। ইয়াৰ উপৰি অতীতত ৰাছিয়ান চৰকাৰৰ অলিম্পিক চার্টাৰৰ অন্যান্য নিয়ম উলঙ্ঘন বিবেচনা কৰি সিদ্ধান্ত হৈছে, বর্তমানত ৰাছিয়া চৰকাৰৰ গুৰুত্বপূর্ণ কাম কৰা ব্যক্তিসকলৰ পৰা অলিম্পিক অর্ডাৰ প্রত্যাহাৰ কৰিব আইঅ’চি বোৰ্ডে।’
ইফালে শান্তিৰ বার্তা দিব বিচৰা বিশ্ব টাইকোৱাণ্ডো সংস্থাই ইউক্রেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ মানি ল’ব পৰা নাই। সংস্থাটোৱে টুইটত লিখিছে, ‘ইউক্রেইনৰ ওপৰত নৃশংস আঘাতৰ বিৰোধিতা কৰে বিশ্ব টাইকোৱাণ্ডোই। যুদ্ধতকৈ শান্তি বহু বেছি মূল্যৱান। সেই কাৰণেই বিশ্ব টাইকোৱাণ্ডোৱে সিদ্ধান্ত লৈছে ভ্লাডিমিৰ পুটিনৰ নৱম ডেন ব্লেক বেল্ট প্রত্যাহাৰ কৰা হ’ব। ২০১৩ চনত তেওঁক এই সন্মান দিয়া হৈছিল।”আনহাতে, বিশ্ব টাইকোৱাণ্ডো প্রতিযোগিতাত ৰাছিয়াৰ পতাকা নাথাকিব আৰু তেওঁলোকৰ ৰাষ্ট্ৰীয় সঙ্গীত নাবাজিব বুলিও জনোৱা হৈছে।
Comments