গুৱাহাটী, ২ মাৰ্চঃ এইখন পৃথিৱীত বহুতো আশ্চৰ্যজনক বস্তু দেখিবলৈ পোৱা যায়। প্ৰতিদিনে কিছুমান আচৰিত ভিডিঅ' আৰু ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ থাকে, কিন্তু ইয়াৰ মাজতে এনে এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে, যিয়ে গোটেই বিশ্বৰে সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলক আচৰিত হ'বলৈ বাধ্য কৰাইছে।
এই ভাইৰেল ভিডিঅ'টোত এটা কমলা দৃশ্যমান হৈছে। এই কমলাটো বাকলি এৰোৱাৰ পিছত, সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে ইয়াৰ ভিতৰৰ দৃশ্য দেখি আচৰিত হৈ পৰিছে। ভিডিঅ'টো দেখি, মানুহে বিশ্বাস কৰিব নোৱাৰে যে এনেকুৱাও কিবা হ'ব পাৰে। প্ৰকৃততে, এই কমলাটো বাকলি এৰোৱাৰ পিছত, ইয়াৰ ভিতৰৰ পৰা আন বহুতো কমলা ওলাই পৰিছে, অৰ্থাৎ কমলাৰ ভিতৰত কেইবাটাও কমলা পোৱা গৈছে। এই দৃশ্য দেখি সকলোৱে আচৰিত হৈ পৰিছে।
ভিডিঅ'টোত এজন মানুহে সাধাৰণ ভাৱে এটা কমলা বাকলি এৰাই আছিল। কিন্তু যেতিয়া কমলাটোৰ বাকলি এৰাই দুফাল চিঙি দিয়া হয়, তেতিয়া সেই কমলাটোৰ ভিতৰৰ পৰা আন বহুতো কমলা ওলাই পৰে। এই অদ্ভুত কমলাটোৰ ভিতৰৰ পৰা ৭ ৰ পৰা ৮ টা কমলা ওলাই পৰিছে। যিবোৰ সাধাৰণ কমলাৰ দৰে আৰু সেইবোৰত আকৌ বাকলিও আছে। এইটো দেখি, কমলা বাকলি এৰাই থকা মানুহজনো আচৰিত হৈ পৰে। ভিডিঅ'টো ৰাইজিম টেক (rising.tech) নামৰ ইনষ্টাগ্ৰামত একাউণ্টটোৰ পৰা শ্বেয়াৰ কৰা হৈছে। কিছুমান সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে ইয়াক 'গৰ্ভৱতী কমলা' বুলি অভিহিত কৰিছে। একে সময়তে, বেছিভাগ ব্যৱহাৰকাৰীয়ে ভিডিঅ'টো দেখি বহুত ভাল পাইছে। ভিডিঅ'টোৱে এতিয়ালৈকে ২.৫ নিযুত লাইক পাইছে।
Comments