Cartoon
View Older
তিনিচুকীয়া: ২ মাৰ্চ: আলফা স্বাধীনৰ এগৰাকী সদস্যই মূল সূতিলৈ উভতি আহি আত্মসমৰ্পন কৰিছে। আত্মসমৰ্পন কৰা আলফা স্বাধীনৰ সদস্য গৰাকী টিলকাই নেওগ ওৰফে ধোনী অসম বুলি সদৰী কৰিছে। তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰাৰ সময়ত আলফা স্বাধীনৰ সদস্য গৰাকীয়ে একে-৪৭ ৰাইফল এটা, হেণ্ড গ্ৰেণেড এটা আৰু সক্ৰিয় গুলী আৰক্ষীৰ হাতত জমা দিছে।
আলফা স্বাধীনৰ সদস্য গৰাকীৰ ঘৰ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ হাতীগড় গাওঁত বুলি জানিব পৰা গৈছে। উজনি অসমৰ ডি আই জি জিৎমল দলে আৰু তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ ওচৰত আলফা স্বাধীনৰ সক্ৰিয় সদস্য গৰাকীয়ে আত্ম সমৰ্পণ কৰে।
উল্লেখযোগ্য যে, আত্মসমৰ্পনকাৰী আলফা স্বাধীনৰ সদস্য টিলকাই নেওগে ২০১১ বৰ্ষত আলফা স্বাধীনত যোগদান কৰিছিল বুলিও প্ৰকাশ কৰিছে।
Comments