Cartoon
View Older
গুৱাহাটী,৩ মাৰ্চ:কিভ দখলৰ লক্ষ্যৰে ৬৪ কি:মি: দীঘল কনভয় লৈ আগবাঢ়িছিল ৰুছ সেনা। কিন্তু হঠাৎ তেওঁলোকৰ গতি মন্থৰ হৈ গৈছে। কিন্তু কিয়? বহুকেইটা কাৰণ সন্মুখলৈ আহিছে এই ঘটনাত।
পেন্টাগনৰ এজন বিষয়াৰ দাবী, “ঘণ্টাই ঘণ্টাই হয়তো এই কনভয়ৰ অগ্রগতিৰ খবৰ দিয়াটো সম্ভৱ নহয়। অৱশ্যে এইটো স্পষ্ট যে, উক্ত কনভয়ৰ গতি বহুখিনি কমি গৈছে।” যি গতিত প্রথম দিনৰ পৰা ৰাছিয়াই আক্ৰমণ আৰম্ভ কৰিছিল, সেই গতি জাৰি থাকিলে ইমান দিনে সমগ্র ইউক্রেইন ৰাছিয়াৰ দখললৈ যাব লাগিছিল। কিন্তু সামৰিক অভিযানৰ সাত দিন হৈ গ’লেও এতিয়াও ইউক্রেইনৰ ৰাজধানী কিভ দখল কৰিব পৰা নাই ৰাছিয়াই।
খাৰকিভ দখলৰ চেষ্টা কৰিবলৈগৈ প্রবল বাধাৰ সন্মুখীন হৈছে তেওঁলোক। কেৱল সেয়াই নহয়, বিগত ২৪ ঘণ্টাত দক্ষিণ ইউক্রেইনৰ খেৰছন দখল কৰা বুলি দাবী ৰাছিয়াৰ।কিন্তু সেয়া অস্বীকাৰ কৰিছিল ইউক্রেইনৰ কৰ্তৃপক্ষই।
Comments