গুৱাহাটী,৩ মাৰ্চ:দীঘলীয়া অপেক্ষাৰ পিছত শ্বাহৰুখ খান, দীপিকা পাডুকন আৰু জন আব্ৰাহাম অভিনীত ‘পাঠান’ ছবিখনৰ মুক্তিৰ তাৰিখ প্ৰকাশ পাইছে। ছবিখন ২০২৩ চনৰ ২৫ জানুৱাৰীত মুক্তি লাভ কৰিব। শ্বাহৰুখ খানে এটা টিজাৰৰ সৈতে ছবিখনৰ মুক্তিৰ তাৰিখৰ ঘোষণা কৰে আৰু ইয়াৰ পিছৰে পৰা, ছ’চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া আৰম্ভ হৈছে।
ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰি শ্বাহৰুখ খানে টুইট কৰে, “মই জানো বহুত পলম হৈছে… কিন্তু তাৰিখটো মনত ৰাখিব… শপাঠান” ৰ সময় এতিয়া আৰম্ভ হৈছে… ১৫ জানুৱাৰী, ২০২৩ তাৰিখে ছবিগৃহত লগ হ’ম। ছবিখন হিন্দী, তামিল আৰু তেলেগু ভাষাত মুক্তি লাভ কৰিব।”
পৰিচালক সিদ্ধাৰ্থ আনন্দৰ ছবি “পাঠান” যশ ৰাজ বেনাৰত নিৰ্মাণ কৰা হৈছে। শ্বাহৰুখ খানে এই হেভী বাজেটৰ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখনত শ্বাহৰুখ খানৰ সৈতে দীপিকা পাডুকন আৰু জন আব্ৰাহামে মুখ্য চৰিত্ৰ ৰূপায়ণ কৰিছে।
Comments