সোণাৰি, ৩ মাৰ্চ : চৰাইদেউ জিলাৰ আৰক্ষীৰ ওচৰত আলফা (স্বাধীন)ৰ সদস্য এগৰাকীয়ে আজি আত্মসমৰ্পণ কৰে। আত্মসমর্পণকাৰী সদস্য গৰাকী নিলোৎপল তামূলী ওৰফে জাগৰণ অসম বুলি জানিব পৰা গৈছে। সদস্য গৰাকী জিলাখনৰ বৰহাট পূব নলবৰীয়া গাঁৱৰ প্ৰয়াত উপেন তামূলীৰ পুত্র।
জানিব পৰা মতে ২০১৮ চনত আলফাত যোগদান কৰা সদস্য গৰাকীয়ে পৰিয়ালৰ অনুৰোধ মৰ্মে চৰাইদেউ জিলা আৰক্ষীৰে যোগাযোগ কৰি অৱশেষত কালি আত্মসমৰ্পণ কৰে। সদস্য গৰাকীয়ে আৰক্ষীৰ আগত প্ৰকাশ কৰা তথ্যৰ আধাৰত চৰাইদেউ জিলা আৰক্ষীয়ে মাৰ্ঘেৰিটাৰ এক স্থানত অভিযান চলাই সদস্য গৰাকীয়ে লুকুৱাই থোৱা ৭.৬২ এম কিউ ৮১ এচাল্ট ৰাইফল,তিনিটা মেগজিন, ১৪৮ জাই সজীৱ গুলি , ২৫ কেজি আৰ ডি এক্স উদ্ধাৰ কৰে।
আজি দুপৰীয়া সোণাৰি আৰক্ষী থানাত চৰাইদেউ জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ উপস্থিতিত আলফা সদস্য গৰাকীয়ে পৰিয়ালৰ অনুৰোধ মৰ্মে আত্মসমৰ্পণৰ সিদ্ধান্ত লোৱা বুলি কোৱাৰ লগতে তেওঁ ম্যানমাৰত প্ৰশিক্ষণ লোৱা বুলি সদৰি কৰে।
Comments