বোকাখাত, ২৮ ফেব্ৰুৱাৰীঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা ৰেঞ্জৰ দ্বিতীয় সংযোজন এলেকাৰ সীমাতে থকা ১ নং শিলডুবিত আজি বিয়লি এটা ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হয় ৷ স্থানীয় মানুহে প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে ৷ মৃত ঢেকীয়াপতীয়া বাঘটো পৰি ৰোৱা স্থানৰ নাতি দুৰতে এটা মতা গৰুৰ মৃতদেহো উদ্ধাৰ হয় ৷ গৰুটোৰ পিচৰ একাংশ বাঘে খোৱা অৱস্থাত পোৱা হৈছে ৷
বাঘৰ মৃতদেহ উদ্ধাৰৰ পিচতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উপ বন সংৰক্ষক খৰ্গ সিং ডেকাৰজা, গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাকে ধৰি উচ্চ পদস্থ বিষয়া সকল ঘটনাস্থলীত উপস্থিত হৈ বাঘটোৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰে ৷ তদন্তৰ বাবে বিভাগীয় পশু চিকিৎসক ডা৹ কৰুণাকান্ত ডেকা আৰু কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ জেষ্ঠ পশু চিকিৎসক ডা৹ চামচুল আলীও ঘটনাস্থলীত উপস্থিত হৈ ফৰেনচিক পৰীক্ষাৰ বাবে মৃত ঢেকীয়াপতীয়া বাঘৰ উপৰিও বাঘে খোৱা গৰুটোৰ শৰীৰৰ নমুনা সংগ্ৰহ কৰে ৷
আন্ধাৰ নামি অহাৰ বাবে আজি মৃত বাঘটোৰ মৰোনোত্তৰ পৰীক্ষা কৰা নহয় যদিও অহা কাইলৈ নিচেই পুৱাতে বাঘটোৰ মৰোনোত্তৰ পৰীক্ষা কৰাৰ সিধান্ত গ্ৰহন কৰে ৷ মৰোনোত্তৰ পৰীক্ষাৰ পিচতহে বাঘটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হ'ব যদিও প্ৰাৰম্ভিক অনুসন্ধানৰ আধাৰত ঢেকীয়াপতীয়া বাঘটো বিহ ক্ৰিয়াৰ ফলত মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে ৷
Comments