গুৱাহাটী,৬ মাৰ্চ:বিগত বছৰত তালিবানে কাবুল দখল কৰাৰ পিছতেই আফগানিস্তানৰ হামিদ কাৰজাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বহুতো লোকে পলায়নৰ চেষ্টা কৰিছিল। তাৰে মাজতে এনে কিছুমান ভয়ংকৰ ছবি পোহৰলৈ আহিছিল য'ত মানুহবোৰে বিমানৰ চকাত ওলমি পলায়ন কৰাৰো চেষ্টা কৰিছিল।
ভাৰততো এনে ঘটনা সংঘটিত হৈছিল ১৯৯৬ চনৰ অক্টোবৰ মাহত। প্ৰদীপ চাইনী এজন ভাৰতীয় মূলৰ ব্যক্তি আছিল। ১৯৯৬ চনৰ অক্টোবৰ মাহত প্ৰদীপ আৰু তেওঁৰ সৰু ভায়েক বিজয় চাইনীয়ে নতুন দিল্লীৰ ব্ৰিটিছ এয়াৰৱেজৰ ব'য়িং ৭৪৭ ৰ চকাৰ মাজত লুকাই লণ্ডনলৈ পলাই গৈছিল।
পঞ্জাৱৰ কাৰ মেকানিক ভাতৃদ্বয়ক শিখ বিচ্ছিন্নতাবাদী গোটৰ সদস্য বুলি সন্দেহ কৰাৰ পিছত তেওঁলোকে ভাৰতৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিছিল। ২২ বছৰীয়া প্ৰদীপ এই ভয়ংকৰ যাত্ৰাটোত বাচি গৈছিল যদিও ১৮ বছৰীয়া ভাতৃ বিজয়ৰ মৃত্যু হৈছিল। বিমানখন লণ্ডনৰ হিথ্ৰোত অৱতৰণ কৰিবলৈ সাজু হোৱাৰ লগে লগে প্ৰদীপৰ বৰফ হৈ পৰা শৰীৰটো তললৈ বাগৰি পৰিছিল। -৬০ডিগ্ৰী চেলচিয়াছ উষ্ণতা আৰু অক্সিজেনৰ প্ৰচণ্ড অভাৱৰ স্বত্বেও কিন্তু প্ৰদীপ ৪০০০ মাইল এই যাত্ৰাৰ পৰা বাচি গৈছিল।
চিকিৎসকসকলৰ মতে, উৰণৰ লগে লগে প্ৰদীপৰ শৰীৰটো অকামিলা হৈ পৰিছিল কিন্তু তেওঁৰ স্বাস্থ্যৰ অৱস্থা সৱল হোৱাই তেওঁ জীৱিত হৈ থাকিল।ৰানৱে’ত উদ্ধাৰ কৰা প্রদীপক এয়াৰলাইনৰ কৰ্মচাৰীসকলে ডিটেনচন চেণ্টাৰলৈ প্ৰেৰণ কৰিছিল। পিছত তেওঁক ইয়াৰ পৰা মুকলি কৰি দিয়া হৈছিল আৰু লণ্ডনৰ নাগৰিকত্ব প্ৰদান কৰা হৈছিল।তেওঁ বৰ্তমান হিথ্ৰো বিমানবন্দৰতেই কাম কৰে আৰু লণ্ডনত টেক্সি চলায়।
Comments