গুৱাহাটী, ৫ মাৰ্চঃ মানুহে এলিয়েন, ভূত আৰু জলপৰী আদিৰ বিষয়ে শুনিলেও বিশ্বাস কৰিব নোৱাৰে।
এক প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি ১৭৩৬ চনৰ পৰা ১৭৪১ চনৰ ভিতৰত জাপানৰ শিকোকু দ্বীপৰ পৰা প্ৰশান্ত মহাসাগৰত মাছমৰীয়াসকলে ১২ ইঞ্চিৰ এটা ৰহস্যময় প্ৰাণী ধৰা পেলাইছিল আৰু এতিয়া ইয়াক আচাকুচি চহৰৰ এটা মন্দিৰত ৰখা হৈছে। জলপৰী সদৃশ মামিৰ বিষয়ে স্থানীয় লোকসকলে কয় যে, "যিয়ে এই প্ৰাণীৰ মাংসৰ সোৱাদ লয় তেওঁ অমৰত্ব লাভ কৰিব পাৰে।"
ইয়াৰ প্ৰকৃত সত্যতাৰ বিষয়ে জানিবলৈ বিজ্ঞানীসকলৰ দ্বাৰা এই প্ৰাণীটোক পৰীক্ষা কৰা হ'ব।
ইপিনে, প্ৰাণীটোৰ বিষয়ে ক'বলৈ গ'লে, ইয়াৰ তলৰ অংশ মাছৰ দৰে আৰু ওপৰৰ পিনে হাঁহি থকা মুখ, তীক্ষ্ণ দাঁত, দুখন হাত, মূৰত চুলি আৰু চেলাউৰি আছে। ইয়াক এটা ভয়ংকৰ মানৱ ৰূপত দেখা যায়।
শেহতীয়াকৈ, কুৰাশিকি বিজ্ঞান আৰু কলা বিশ্ববিদ্যালয়ৰ গৱেষকসকলে ইয়াৰ ৰহস্য উদ্ঘাটন কৰিবলৈ চিটি স্কেনিংৰ বাবে মামিটো লৈ গৈছে। মামিটো লৈ যোৱা ওকায়ামা লোককাহিনী সমিতিৰ হিৰোচি কিনোশিতাই কৈছে যে, "এই অদ্ভূত প্ৰাণীটোৰ ধৰ্মীয় গুৰুত্বও থাকিব পাৰে।"
হিৰোশীয়ে কৈছে যে, 'জাপানী জলপৰীসকলৰ অমৰত্বৰ বিশ্বাস আছে। কোৱা হয় যে যদি কোনোবাই জলপৰীৰ মাংস খায়, তেতিয়া তেওঁ কেতিয়াও মৰিব নোৱাৰে। জাপানৰ বহু ঠাইত এক প্ৰচলিত বিশ্বাস অনুসৰি এগৰাকী মহিলাই দুৰ্ঘটনাক্ৰমে জলপৰীৰ মাংস খোৱাত তেওঁ ৮০০ বছৰ জীয়াই আছে।"
আনহাতে, আন কিছুমান লোকে এইটোও বিশ্বাস কৰে যে ভাইৰাছৰ কবলত পৰাৰ পিছত, এজন ব্যক্তিৰ ক্ষেত্ৰত এনে অৱস্থা হয়। অনুসন্ধানৰ পিছতহে জনা যাব যে এই পুৰণি মামিটোৰ আঁৰৰ সত্যতা কি।
Comments