গুৱাহাটী, ৫ মাৰ্চঃ এজন পুৰুষ চাহৰ দোকান চলাই থকা এগৰাকী মহিলাৰ প্ৰেমত পৰাত তেওঁলোক দুয়ো বিবাহপাশত আৱদ্ধ হয়। পৰৱৰ্তী সময়ত কইনা গহনা আৰু নগদ ধন লৈ পলাই যায়। ব্যক্তিগৰাকীৰ বাবে আটাইতকৈ ডাঙৰ আঘাতটো আছিল যে মহিলাগৰাকী ইতিমধ্যে বিবাহিত আৰু সন্তানৰ মাতৃ।
মূল ঘটনা অনুসৰি, এইগৰাকী ডকাইত কইনা মধ্য প্ৰদেশৰ ছত্ৰপুৰ জিলাৰ বাসিন্দা। যিয়ে বিবাহৰ পিছতে স্বামীৰ সকলো নগদ ধন গহনা লৈ পলাই যায়। পৰৱৰ্তী সময়ত ভুক্তভোগীজন এছ পি কাৰ্যালয়ত উপস্থিত হৈ এখন আবেদন দাখিল কৰে। ভুক্তভোগী স্বামীয়ে অভিযোগ দিয়া অনুসৰি, তেওঁৰ পত্নীয়ে লাখ লাখ টকাৰ নগদ ধন আৰু গহনা লৈ পলায়ন কৰিছে আৰু এতিয়াও ঘূৰি অহা নাই।
ভুক্তভোগীয়ে লগতে কৈছে যে, "দুবছৰ আগতে লকডাউনৰ সময়ত, মই ঊষা পাল নামৰ এগৰাকী মহিলাৰ প্ৰেমত পৰিছিলোঁ। মহিলাগৰাকীয়ে ৰে'ল ষ্টেচনৰ বাহিৰত এখন চাহৰ দোকানত চাহ বিক্রী কৰিছিল। যেতিয়া মই ৰাতিপুৱা তালৈ যাওঁ, সেই সময়ছোৱাত আমাৰ মাজত বহু সময় বাৰ্তালাপ হয় আৰু তেনেকৈ লাহে লাহে আমাৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে। এই সম্পৰ্কটো কেইমাহমান ভালদৰে চলি আছিল আৰু তাৰ পিছত আমি দুয়ো আদালতত গৈ বিবাহ পাশত আৱদ্ধ হওঁ।"
ভুক্তভোগী গৰাকীয়ে আৰু কয় যে, "বিয়াৰ কেইদিনমানলৈকে সকলো ঠিকেই আছিল, কিন্তু মোৰ পত্নীয়ে পিছত গহনা বিচাৰিলে। তেওঁক এডাল সোণৰ চেইন, কাণফুলি আৰু আন কিছুমান সামগ্ৰী দিছিলো আৰু মোৰ বেংক একাউণ্টত প্ৰায় দুই লাখ টকা আছিল। মই সেই টকাখিনি ঘৰত আনি থৈ দিছিলোঁ। তাৰ পিছত এদিন মোৰ পত্নীয়ে বজাৰৰ পৰা মোক কিছু সামগ্ৰী আনিবলৈ কয়। যেতিয়া মই ঘৰলৈ ঘূৰি আহোঁ, মোৰ পত্নী ঘৰত নাছিল। লগতে, দুই লাখ নগদ টকা আৰু গহনাও নাছিল।"
"এতিয়া মোৰ পত্নী মোৰ ওচৰলৈ ঘূৰি অহা নাই আৰু নগদ ধন আৰু গহনাও ঘূৰাই পাবলৈ সক্ষম হোৱা নাই। মই কেইদিনমান আগতে হে জানিব পাৰিলো যে, মই বিয়া কৰোৱা যুৱতীগৰাকী ইতিমধ্যে বিবাহিত আৰু তেওঁৰ সন্তানো আছে।"
Comments