বোকাখাত, ৫ মাৰ্চঃ বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈ ,থাওঁৰাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰী আৰু তেওঁলোকৰ সহযোগী কাজিৰঙাৰ ডম্বৰুধৰ গগৈ, বাবু গগৈ আৰু তৰুন বৰাৰ দুবছৰৰ বাবে কাৰাদণ্ড আৰু ৫ হেজাৰ টকাৰ জৰিমনা বিহিছে আদালতে ৷ ২০০৯ চনৰ পৰা গোলাঘাটৰ আদালতত চলি থকা এক গোচৰৰ শুনানীৰ পিচত এই ৰায়দান দিছে আদালতে ৷
২০০৯ চনৰ ৭ মাৰ্চত তিনিখন জিপচী লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অনাধিকাৰ প্ৰৱেশ কৰি জিতেন গগৈয়ে কুশল দুৱৰী আৰু উল্লেখিত সহযোগীৰ সৈতে কহঁৰা ৰেঞ্জৰ মিহিমুখৰ প্ৰৱেশ দ্বাৰেদি সোমাই ৰাষ্ট্ৰীয় উদ্যান খনৰ ঘিলাধাৰী ডুবিত জালেৰে মাছ মাৰিছিল ৷ এই কাৰ্যত বাধা দিয়াৰ বাবে সেই সময়ৰ কহঁৰা ৰেঞ্জৰ বনাঞ্চলিক বিষয়া ধৰনীধৰ বড়োৰ শাৰীৰিক ভাৱে অপদস্থও কৰি এ কে ৪৭ ৰাইফল দেখুৱাই ভাবুকি দিছিল ৷
এই ঘটনাৰ পিচতেই বন বিভাগে ঘটনাৰ সন্দৰ্ভত আদালতত গোচৰ তৰিছিল ৷ এই ঘটনাৰ সুদীৰ্ঘ ১৩ বছৰৰ পিচত এলানি শুনানীৰ শেষত গোলাঘাটৰ আদালতে আজি দিয়া চুড়ান্ত ৰায়দানত ঘটনাত জড়িত বাবু গগৈ, তৰুণ বৰা আৰু ডম্বৰুধৰ গগৈ সহ জিতেন গগৈ আৰু কুশল দুৱৰীক ১৯৭২ ভাৰতীয় বন্যপ্ৰাণী প্ৰতিৰক্ষা আইনৰ ৫১ ( ১) ধাৰা মতে দুবছৰৰ কাৰাদণ্ড ঘোষণা কৰিছে লগতে ঘটনাত ব্যৱহৃত এ কে ৪৭ বন্দুক আৰু তিনিখন জীপচি গাড়ীও জব্দ কৰিবৰ বাবে নিৰ্দেশ দিছে ৷
এই ৰায়দানৰ পিচতেই কাজিৰঙাৰ স্বয়ম্ভু ৰজা বুলি পৰিচয় দিয়া জিতেন গগৈ আৰু কুশল দুৱৰীক জেল হাজোতলৈ প্ৰেৰণ কৰা হ'বনে নাই তাকলৈ এতিয়া সবৰ্ত্ৰ চৰ্চা চলিছে ৷ চাঞ্চল্যৰ সৃষ্টি হৈছে বোকাখাত সমষ্টিত ৷
Comments