গুৱাহাটী,৩ মাৰ্চ:ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হোৱা যুদ্ধই সমগ্ৰ বিশ্বতে উত্তেজনাৰ সৃষ্টি কৰিছে। দুয়োখন চুবুৰীয়া দেশৰ মাজত প্ৰায় এসপ্তাহ ধৰি ৰক্তক্ষয়ী যুদ্ধ চলি আছে। ইউক্ৰেইনৰ বিভিন্ন ঠাইত ৰাছিয়াৰ আক্ৰমণ চলি আছে। ইতিমধ্যে শ শ লোক হতাহত হৈছে। শেহতীয়াকৈ এই যুদ্ধৰ সময়ত ৰাছিয়াৰ বহুতো সৈনিক ইউক্ৰেইনৰ হাতত বন্দী হৈছে। ৰাছিয়ান সৈনিকক বন্দী কৰাৰ পিছত তেওঁলোকে ব্যৱহাৰ কৰা সামগ্ৰীবোৰ এতিয়া ইউক্ৰেইনৰ নাগৰিক সকলে অনলাইন চ'পিং ৱেবছাইটৰ মাধ্যমেৰে বিক্ৰী কৰাৰ বাবে এডভাৰ্টাইজ দিয়া পৰিলক্ষিত হৈছে।
মানুহে ইবেত বিক্ৰীৰ বাবে দিয়া ৰাছিয়ান টেংকৰ পোষ্ট লগে লগে ভাইৰেল হৈ পৰে।ব্যৱহৃত ৰাছিয়ান টি-৭২ টেংকৰ নিবিদা ৪০,০০০০ ডলাৰলৈকে উপনীত হৈছিল।এই পোষ্ট শ্বেয়াৰ কৰিছিল বিশ্বৰ অন্যতম হেকাৰ গ্ৰুপ 'এন'নিমাছে',তেওঁলোকে লগতে দাবী কৰিছিল যে ৰাছিয়াৰ বিৰুদ্ধে এন'নিমাছৰ চাইবাৰ যুদ্ধ অব্যাহত থাকিব। এতিয়ালৈকে এন'নিমাছে ৰাছিয়াৰ জনপ্ৰিয় নিউজ পেপাৰ ৰাছিয়ান টাইমছৰ ৱেবচাইট হেক কৰাৰ লগতে ৰাছিয়াৰ মহাকাশ প্ৰতিষ্ঠান 'ৰছকছমছ'ৰ গোপন তথ্য ফাদিল কৰা বুলি দাবী কৰি আহিছে।
Comments