Classifieds
View All
গুৱাহাটী,৪ মাৰ্চ:ৰাছিয়াই দিনে দিনে ইউক্ৰেইনত আক্ৰমণৰ হাৰ বৃদ্ধি কৰি আছে। ইউক্ৰেইনৰ এখনৰ পিছত এখন চহৰ প্ৰায় ধ্বংসস্তূপত পৰিছে। ইয়াৰ পৰিৱৰ্তে ইউক্ৰেইনৰ সেনাই যুঁজ অব্যাহত ৰাখিছে।
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে এজন আমেৰিকান সংবাদদাতাৰ প্ৰশ্নৰ উত্তৰ দি কৈছিল, "ৰাছিয়াৰ আক্ৰমণৰ পটভূমিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে ইউক্ৰেইনক সহায় কৰাত পলম কৰিছে,কেৱল বিডেন বুলি নহয় সমগ্ৰ বিশ্বই ইউক্ৰেইনক সহায় কৰাৰ পলম কৰিছে। বিশ্বৰ একতা পুটিনৰ সামৰিক বাহিনীতকৈ শক্তিশালী।মই কূটনীতি, ইউৰোপ, নাটো,পাৰমাণৱিক অস্ত্ৰ বা পাৰমাণৱিক আক্ৰমণৰ সম্ভাৱনা সম্পৰ্কে কোনো সিদ্ধান্ত নিবিচাৰো।সামৰিক বাহিনীয়ে মানুহক প্ৰতিৰক্ষা কৰিবহে লাগে,আক্ৰমণ কৰিব নালাগে, সেয়েহে সমগ্ৰ বিশ্বই ইউক্ৰেইনক সহায় কৰাত পলম কৰিছে।"
Comments