Classifieds
View All
গুৱাহাটী,৪ মাৰ্চ:কেন্দ্ৰীয় মন্ত্ৰী ভি কে সিঙে বৃহস্পতিবাৰে সংবাদ সংস্থা এএনআইক জনোৱা মতে, ইউক্ৰেইনৰ ৰাজধানী কিয়েভত আন এজন ভাৰতীয় ছাত্ৰক গুলীয়াই হত্যা কৰা হৈছে।মন্ত্ৰীজনে জনোৱা অনুসৰি ছাত্ৰজনে কিয়েভৰ পৰা পলাই যাবলৈ চেষ্টা কৰি আছিল আৰু তেতিয়াই গুলীচালনাৰ ফলত আহত হৈছিল। খবৰ অনুসৰি তেওঁক কিয়েভ চহৰলৈ ঘূৰাই নিয়া হৈছিল আৰু বৰ্তমান তেওঁ চিকিৎসালয়ত আছে।
মন্ত্ৰীজনে লগতে কয় যে যোৱা বৃহস্পতিবাৰে ৰাছিয়াই আক্ৰমণ কৰা ইউক্ৰেইনৰ পৰা প্ৰায় ১,৭০০ শিক্ষাৰ্থীক স্থানান্তৰিত কৰা হৈছে।যুদ্ধপীড়িত ইউক্ৰেইনৰ পৰা ভাৰতীয়সকলক স্থানান্তৰ কৰাৰ তদাৰক কৰিবলৈ ইউক্ৰেইনৰ চুবুৰীয়া দেশসমূহলৈ বিশেষ দূত হিচাপে প্ৰেৰণ কৰা চাৰিজন মন্ত্ৰীৰ ভিতৰত জেনেৰেল ভি কে সিং অন্যতম।
Comments