গুৱাহাটী,৪ মাৰ্চ:ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ নির্দেশৰ পিছতেই যোৱা ২৪ ফেব্রুৱাৰীত ইউক্রেইনত আক্ৰমণ আৰম্ভ কৰে ৰুছ সেনাই। এসপ্তাহ পাৰ হ’লেও দুই দেশৰ মাজত ৰক্তক্ষয়ী সংঘাত চলিয়ে আছে। যুদ্ধ আৰম্ভৰ পিছৰ পৰা হস্পিটেল, ঘৰ ধ্বংস পিছতো হাজাৰ হাজাৰ মানুহৰ মৃত্যুৰ পিছতো ৰাছিয়াক সমানে প্ৰত্যুত্তৰ দি আহিছে ইউক্রেইনে।
এইবাৰ পুটিনৰ সৈতে মুখামুখী আলোচনাৰ প্রস্তাৱ দিছে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে। তেওঁৰ মতে, এই আলোচনাই যুদ্ধ বন্ধ কৰাৰ একমাত্র উপায়।বৃহস্পতিবাৰে এক সংবাদমেলত জেলেনস্কিয়ে পুটিনৰ উদ্দেশ্যে পোনপটীয়াকৈ কয়, ‘আমি ৰাছিয়াক আক্রমণ কৰা নাই আৰু ৰাছিয়া আক্রমণৰ কোনো পৰিকল্পনাও কৰা নাই।আপুনি আমাৰ পৰা কি বিচাৰে? আমাৰ দেশক এৰি দিয়ক।’ পুটিনক প্রস্তাৱ দি ইউক্রেইনৰ ৰাষ্ট্ৰপতিৰ বক্তব্য, ‘মোৰ সৈতে আলোচনাত বহক। কিন্তু দূৰত্ব যেন ৩০ মিটাৰ নহয়।’উল্লেখ্য, যোৱা মাহত ফ্রান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্রোই পুটিনৰ সৈতে আলোচনাত বহে।
ইউক্রেইন প্ৰসংগত উক্ত বৈঠকত পুটিনৰ পৰা ৩০ মিটাৰ সামাজিক দূৰত্ব বজাই ৰাখি আলোচনা কৰিছিল তেওঁ। কাৰণ সেই সময়ত তেওঁ কৰ'না পৰীক্ষা কৰা নাছিল। সেই প্রসঙ্গকে টানি আনি তৃতীয়বাৰৰ বৈঠকত পুটিনৰ সৈতে মুখামুখীকৈ আলোচনা কৰাৰ প্রস্তাৱ দিলে জেলেনস্কিয়ে।
Comments