Classifieds
View All
গুৱাহাটী, ৪ মাৰ্চ: ৰাজ্যত পুনৰ এনকাউণ্টাৰ। সোণাৰিত আৰক্ষীৰ গুলীত আহত সুৰজ গগৈ। শিৱসাগৰ বেতবাৰী তামুলী বজাৰ চাংমাই গাঁৱৰ সূৰুজক আলফা(স্বা) সদস্য ভৰ্তিত জড়িত অভিযানত বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিছিল। আছাম ৰাইফলছ আৰু আৰক্ষীয়ে সোণাৰি চেনীগুদাম অঞ্চলৰ পৰা আটক কৰা গগৈ বিৰুদ্ধে সোণাৰি থানাত ৪৭/২০২২ নম্বৰত এটা গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ১২০/বি/৩৭১ (120/(B)/371) আৰু আৰ/ডব্লিউ ধাৰা (R/W section) ১৮ বি(পি) {18B(P)} ৰ অধীনত সোধা-পোছা অব্যাহত ৰাখিছে।
আনহাতে, নিশা সোণাৰি ৰজাপুখুৰীস্থিত চৰাইদেউ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰি ঘূৰি আহোতে আন্ধাৰৰ সুযোগ লৈ আৰক্ষীৰ বেষ্টনীৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰাত সুৰজক গুলিবিদ্ধ কৰা বুলি জানিব দিয়ে আৰক্ষীয়ে। অভিযুক্ত সূৰুজৰ বাও ভৰিত আৰক্ষীৰ গুলী লাগে।
Comments