গুৱাহাটী,৮ মাৰ্চ:কেইদিনমান আগতে পশ্চিম বঙ্গৰ জনপ্ৰিয় অভিনেত্ৰী শ্ৰাৱন্তী চট্টোপাধ্যায়ৰ এখন ফটো ভাইৰেল হৈছিল, য'ত তেওঁ নিজৰ হাতত এটি নেউল লৈ ফটোৰ বাবে প'জ দিছিল। ফটোখন চাই বহুতৰ মনত প্ৰশ্ন উত্থাপিত হৈছিল যে এই নেউলটোৰ ডিঙিত কিয় একেকৈ শিকলি বান্ধি থোৱা আছিল।এই বিতৰ্কৰ পিছত অভিনেত্ৰীগৰাকীক বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ কোষৰ দ্বাৰা জাননী প্ৰেৰণ কৰা হৈছিল। সোমবাৰে ইয়াকে লৈ প্ৰায় চাৰি ঘণ্টা ধৰি জেৰা চলিছিল। কেৱল সেয়াই নহয়, মঙলবাৰে পুনৰ তেওঁক মাতি পঠোৱা হৈছে।
অভিনেত্ৰী শ্ৰাবন্তী চেটাৰ্জীয়ে সোমবাৰে ৰাতিপুৱা প্ৰথমে ছল্ট লেকত থকা বন ভৱনৰ এজন জ্যেষ্ঠ বিষয়াৰ কাষ চাপিছিল। তাৰ পিছত তেওঁ পোনপটীয়াকৈ বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ কোষৰ কাৰ্যালয়লৈ গৈছিল। কেইদিনমান আগতে, অভিনেত্ৰীগৰাকীয়ে এই ছবিখন সামাজিক মাধ্যমৰ জৰিয়তে পোষ্ট কৰিছিল।অভিনেত্ৰী শ্ৰাবন্তী চেটাৰ্জী আৰু তেওঁৰ শ্বুটিং ইউনিটত কাম কৰা সকলোকে মঙলবাৰে বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ কোষৰ কাৰ্যালয়লৈ মাতি অনা হৈছিল।
জেৰাৰ সময়ত বিষয়াসকলে জানিব পাৰিছিল যে অভিনেত্ৰীগৰাকীয়ে বাৰুইপুৰত শ্বুটিঙৰ প্ৰচাৰৰ সময়ত হাতত বন্যপ্ৰাণী লৈ ছবিখন তুলিছিল আৰু সেইটোৱেই তেওঁ সামাজিক মাধ্যমত পোষ্ট কৰিছিল। বন্যপ্ৰাণী সুৰক্ষা আইন অনুসৰি, এনেদৰে জন্তু এটাক বান্ধি ৰখাটো অপৰাধ আৰু যদি শ্ৰাবান্তীৰ দৰে অভিনেত্ৰী এগৰাকীয়ে এনে কৰে, তেন্তে বহুলোক ইয়াৰ পৰা প্ৰভাৱিত হ'ব।
Comments