গুৱাহাটী,৮ মাৰ্চ:সোমবাৰে মাজুলীত উপনিৰ্বাচনৰ বাবে ভোটগ্ৰহণ চলি থকা সময়তে মন্ত্ৰী পীযুষ হাজৰিকাই দিছপুৰত অনুষ্ঠিত হোৱা এক সংবাদমেলত শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈকো আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ লগতে অসম জাতীয় পৰিষদক উদ্দেশ্যি কেতবোৰ তীৰ্যক মন্তব্য কৰে ৷
লগতে এই সংবাদমেলত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ ‘আমানত বাজেয়াপ্ত হোৱাৰ যি ৰেকৰ্ড অসম জাতীয় পৰিষদৰ পূৰ্বতে আছিল সেই নিজৰ ৰেকৰ্ড এইবাৰ মাজুলীত অসম জাতীয় পৰিষদে নিজেই ভাঙিব’ বুলি প্ৰকাশ কৰে । আচলতে অসম জাতীয় পৰিষদ কলিতেই মৰহি গৈছে বুলিও তীৰ্যক মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ।এইদৰে অসম জাতীয় পৰিষদক সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, " মই ভাবো লুৰীণজ্যোতি গগৈৰ ৰাজনৈতিক সমীকৰণ বিলাক ভুল । প্ৰথম কথা তেওঁলোকে কংগ্ৰেছৰ লগত মিত্ৰতা কৰিবই নালাগিছিল । নাজানো, এয়া কাৰোবাৰ ষড়যন্ত্ৰও হব পাৰে । অখিল গগৈৰো ষড়যন্ত্ৰ হব পাৰে । এ জে পিক ধ্বংস কৰিবলৈ । কিয়নো এটা সময়ত ৰাষ্ট্ৰীয় দলৰ সৈতে মিত্ৰতা কৰাটো পাপ বুলি লুৰিণজ্যোতি গগৈয়ে কোৱা ভিডিঅ'ও আছে । সেয়েহে তেওঁলোকে অন্ততঃ কংগ্ৰেছৰ লগত মিত্ৰতা কৰিব নালাগিছিল ।"
Comments