গুৱাহাটী,৯ মাৰ্চ:ভাৰতীয় বায়ু সেনা একাডেমীৰ কমাণ্ডেণ্ট হিচাপে দায়িত্ব গ্ৰহণ কৰে AVSM এয়াৰ মাৰ্শ্বেল বি চন্দ্ৰ শেখৰে। তেলেংগানাৰ সন্তান এয়াৰ মাৰ্শ্বেল বি চন্দ্ৰ শেখৰে হায়দৰাবাদত স্কুলীয়া শিক্ষা লাভ কৰিছিল আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীত অংশগ্ৰহণ কৰিছিল ।বি চন্দ্ৰ শেখৰ ডিফেন্স চাৰ্ভিচেছ ষ্টাফ কলেজ ৱেলিংটন, ফ্লাইং ইনষ্ট্ৰাক্টৰ স্কুল, কলেজ অৱ ডিফেন্স মেনেজমেণ্ট আৰু নেচনেল ডিফেন্স কলেজৰ প্ৰাক্তন ছাত্ৰ ।
এয়াৰ মাৰ্শ্বেল বি চন্দ্ৰ শেখৰ ১৯৮৪ চনৰ ২১ ডিচেম্বৰত ভাৰতীয় বায়ু সেনাত নিযুক্তি লাভ কৰিছিল । বিভিন্ন বিমান ৫,৪০০ ঘণ্টাতকৈও অধিক সময় সফলভাৱে পৰিচালনা কৰাৰ অভিজ্ঞতা আছে এয়াৰ মাৰ্শ্বেলৰ ।চিয়াচেন হিমবাহত প্ৰথম MLH শ্ৰেণীৰ হেলিকপ্টাৰ অৱতৰণ কৰাৰো তেওঁৰ অভিজ্ঞতা আছে । ইফালে তেওঁ এগৰাকী সফল উৰণ প্ৰশিক্ষক । প্ৰায় চাৰি দশকৰ কেৰিয়াৰত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছে ।
Comments