Cartoon
View Older
গুৱাহাটী,৯ মাৰ্চ:অৱশেষত আমাৰ হাতত আহি পৰিছে সৰ্থেবাৰীৰ পৌৰসভাৰ ফলাফল । সৰ্থেবাৰী পৌৰসভাত বিজেপি দলে ৭ খন আসন লাভ কৰাৰ বিপৰীতে অগপই এখন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ২ খন আসনত জয়লাভ কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি, সৰ্থেবাৰী পৌৰসভা নিৰ্বাচনৰ ফলাফল এনেধৰণৰ - ১নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী দ্বীপজ্যোতি ডেকা, ২ নং ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থী প্ৰৱাল ভূঞা, ৩ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী ভূপেন তামুলী, ৪ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী প্ৰেমদা তামুলী, ৫ নং ৱাৰ্ডত অসম গণ পৰিষদৰ প্ৰাৰ্থী কমলিকা ডেকা, ৬নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী স্বৰ্ণলতা বৰ্মন, ৭ নং ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থী ৰশ্মি ডেকা ,৮ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী সংগীতা দাস, ৯ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী বৰ্ণালী ভূঞা আৰু ১০ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী বনজিত ডেকাই শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে ৷
Comments