গুৱাহাটী, ১০ মাৰ্চঃ সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনে বৃহস্পতিবাৰে এক বিবৃতি জাৰি কৰি কয় যে, "আমি আলফা (স্বা)ই 'অইল ইণ্ডিয়া লিমিটেড' অ' এন জি চি, ভাৰত চৰকাৰ আৰু অসম চৰকাৰ তথা মুখ্যমন্ত্রীক জনাব বিচাৰোঁ যে- বিগত ইংৰাজী ১৪/০৫/২০২১ তাৰিখে আলফা (স্বা)ৰ তৰফৰ পৰা জাৰি কৰা জাননী নং CS-y-02s/S-2021 ৰ সাত টা চৰ্তৰ দুই নং চৰ্ত অনুসৰি ৰাজ্যৰ তৈল প্ৰতিষ্ঠান সমূহৰ অধ্যক্ষ আৰু প্ৰবন্ধ নিৰ্দেশক পদত অসমৰ যোগ্য ব্যক্তিৰ বাবে সংৰক্ষণ কৰা, সেই মৰ্মে অসম চৰকাৰ মুখ্যমন্ত্রী গৰাকীয়ে সম্পূৰ্ণ দায়িত্ব মূৰ পাতি লৈ সংগঠনে বান্ধি দিয়া সাতোটা চৰ্ত পূৰণ কৰিব বুলি অসমৰ জনগণক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।"
"কিন্তু মুখ্যমন্ত্রী গৰাকীয়ে সেই প্ৰতিশ্ৰুতিক সম্পূর্ণভাৱে নস্যাৎ কৰি যোৱা ইংৰাজী ০৯/০৩/২০২২ তাৰিখে অইল ইণ্ডিয়া লিমিটেডৰ পৰা প্ৰকাশ পোৱা জাননীত অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ আৰু প্ৰবন্ধ নিৰ্দেশক পদত ড° ৰঞ্জিৎ ৰাথ নামৰ বহিৰাগত ব্যক্তিক অধিষ্ঠিত কৰা হৈছে, যি অসমৰ থলগিৰি জনগণৰ স্বাৰ্থৰ পৰিপন্থী।
বিবৃতি আৰু উল্লেখ কৰা হয় যে, অইল ইণ্ডিয়া লিমিটেডৰ এনে অসম বিৰোধী কাৰ্য্যক অসমৰ থলগিৰি সংগ্রামী জনগণৰ লগতে সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন) সংগঠনে কোনো কাৰণতে সমৰ্থন নকৰে। গতিকে আলফা স্বাধীনে স্পষ্ট কৰি দিছে যে PESB Meeting No. 37/2022, যোগে ঘোষণা কৰা "অধ্যক্ষ আৰু প্ৰৱন্ধ নিৰ্দেশক" নিযুক্তি অতি সোনকালে বাতিল কৰি সেইস্থানত থলগিৰি যোগ্য ব্যক্তিক নিযুক্তি প্ৰদান কৰাৰ ব্যৱস্থা কৰক, অন্যথা অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে যিকোনো প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰা হ'ব।"
আলফা স্বাধীনৰ বিবৃতিত শেষত উল্লেখ কৰা হয় যে, "আমি আলফা স্বাধীনে তৈল প্ৰতিষ্ঠান সমূহত কৰ্মৰত বিষয়া-কৰ্মচাৰী, অসম চিৰকালে অসমীয়াৰ বুলি জাহিৰ কৰা আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আটাছু, বীৰ লাচিত সেনা, সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ মটক ছাত্ৰ সন্থা, টাইপাকে আদি কৰি বিভিন্ন দল-সংগঠন আৰু অসমৰ সাধাৰণ জনগণক অইল ইণ্ডিয়া বিৰুদ্ধে প্ৰতিবাদ গঢ়ি তুলিবলৈ আহ্বান জনালোঁ।"
Comments