Cartoon
View Older
নলবাৰী,১০ মাৰ্চ: নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ বৰসৰকুছিত এখন দুৰ্ঘটনাগ্ৰস্ত গাড়ীৰ পৰা ৫৩ কেজি মনিপুৰী গাঞ্জা উদ্বাৰ কৰিবলৈ সক্ষম হৈছে নলবাৰী আৰক্ষী ৷ গাড়ীখনৰ ডিকি -হেড লাইটৰ ভিতৰতে ধৰি বিভিন্ন স্হানত গাঞ্জা সমুহ লুকুৱাই আনিছিল ৷
পুৱতি নিশা দুৰ্ঘটনাত পতিত গাড়ীখনৰ চালকজনে পলায়ন কৰে যদিও এজন আঘাট প্ৰাপ্তৰ অৱস্থা সংকটজনক হোৱাত জিএমচিলৈ প্ৰেৰন কৰা হৈছে ৷ WBO6H5699 নম্বৰৰ গাড়ীখনৰ বডিটোৰ বিভিন্ন স্হানত গাঞ্জা সমুহ কৌশলৰে লুকুৱাই আনিছিল গাঞ্জা সৰবৰহকাৰী সকলে ৷উল্লেখযোগ্য এই বিলাসী বাহনখন গুৱাহাটীৰ পৰা আহি আছিল।
অৱশেষত দুৰ্ঘটনাই আৰক্ষীলৈ আনিলে সু সংবাদ।যাৰ বাবে ৫৩ কেজিকৈ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী।আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
Comments