গুৱাহাটী,১০ মাৰ্চ: .দিল্লীৰ পাছত এইবাৰ পঞ্জাৱ দখল কৰিলে অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টিয়ে। শাসনত থকা কংগ্ৰেছ দলক ধৰাশায়ী কৰি সৰ্বাধিক ৯৩ খন আসন লাভ কৰি অকলেই আম আদমি পাৰ্টিয়ে পঞ্জাৱত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে । ইফালে কেন্দ্ৰত থকা বিজেপি মিত্ৰ দলে মাত্ৰ ২ খন আসনতে সন্তুষ্ট থাকিবলগীয়া হ'ল । আম আদমি পাৰ্টিৰ এই উত্থানক লৈ এতিয়া দেশৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
দলটোৰ এই বৃহৎ সফলতাৰ পাছতে দলীয় কৰ্মী আৰু সমৰ্থকসকলক সম্বোধন কৰি আম আদমি পাৰ্টিৰ সভাপতি তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে পঞ্জাৱৰ জনসাধাৰণে অসম্ভৱকো সম্ভৱ কৰি তুলিছে । যাৰ বাবে তেওঁ ৰাজ্যখনৰ জনসাধাৰণক প্ৰশংসা কৰে । দলৰ প্ৰাৰ্থীয়ে পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীক পৰাস্ত কৰাৰ লগতে আম আদমি পাৰ্টিক সমালোচনা কৰা সকলক উচিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম হৈছে ।কেজৰিৱালে লগতে কয় যে তেওঁ এনেকুৱা এখন দেশ গঢ়িব য’ৰ কোনো শিক্ষাৰ্থীয়ে চিকিৎসা অধ্যয়নৰ বাবে ইউক্ৰেইনলৈ যাবলগীয়া নহয় । নিৰ্বাচনী ফলাফল সম্পৰ্কত তেওঁ কয় যে কেজৰিৱাল যে সন্ত্ৰাসবাদী নহয় এগৰাকী প্ৰকৃত দেশভক্ত সেই কথা আজি পঞ্জাৱৰ জনসাধাৰণে প্ৰমাণ কৰিলে ।
Comments