গুৱাহাটী,১১ মাৰ্চ:ক'ভিড শূণ্য হ'ল অসম।ৰাজ্যত ২০২০ চনৰ ১২ মে'ৰ পাছত বৃহস্পতিবাৰে প্ৰথমবাৰলৈ দৈনিক ক'ভিড আক্ৰান্তৰ সংখ্যা শূন্যলৈ নামে।প্ৰথমবাৰলৈ অসমত নতুনকৈ এগৰাকীও লোক ক'ভিড আক্ৰান্তৰূপে চিনাক্ত নোহোৱা দিন ৰূপে বৃহস্পতিবাৰৰ দিনটো পৰিগণিত হ'ল।বৃহস্পতিবাৰে ৰাজ্যত সম্পন্ন হোৱা ১৭১৩ টা ক’ভিড পৰীক্ষাত এজনো লোকৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা নপৰে।
বৃহস্পতিবাৰে ৰাজ্যত এজনো লোকৰ শৰীৰত ক’ভিডৰ সংক্ৰমণ ধৰা নপৰাৰ পাছতে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ আৰু ৰাজ্যৰ স্বাস্থ্য কৰ্মী সকলৰ প্ৰচেষ্টাৰ ফলত ৰাজ্য ক’ভিড মুক্ত হোৱাৰ দিশলৈ আগবাঢ়িছে বুলি টুইট কৰে।
উল্লেখ্য যে ৰাজ্যত ২০২০ চনৰ মাৰ্চত ক'ভিডৰ প্ৰথমটো ঢৌ আৰম্ভ হোৱাৰ পাছত সেই বছৰৰ ৩১ মাৰ্চৰ পৰা ক'ভিড পৰীক্ষা আৰম্ভ কৰা হৈছিল।সেই প্ৰথমটো ঢৌৰ আৰম্ভণিকালতে ২০২০ চনৰ ১২ মে'ত শেষবাৰলৈ অসমত দৈনিক চিনাক্ত হোৱা ক'ভিড আক্ৰান্তৰ সংখ্যা শূন্য হৈছিল যদিও ইয়াৰ পাছত দ্বিতীয় আৰু তৃতীয় ঢৌ পৰ্যন্ত কেৱল বৃহস্পতিবাৰেহে এই সংখ্যা শূন্যলৈ নমা পৰিলক্ষিত হ'ল।
Comments