Cartoon
View Older
গুৱাহাটী, ১১ মাৰ্চঃ শুক্ৰবাৰে গুৱাহাটীৰ লালগণেশত অত্যাধুনিক সা-সুবিধাৰে নিৰ্মিত ক্লিক হোটেল (Click Hotel) মুকলি কৰা হয়।
চক্ৰৱৰ্তী পৰিয়াল তথা সহযোগত মুকলি হোৱা এই হোটেলত ৮৮ টা কোঠালি, ৬০ খন ৰেষ্টুৰেন্ট, ১৯ খন বাৰ, ৭০ খন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বিপনী আৰু উন্নত মানদণ্ডৰ গৰম পানীৰ স্নানাগাৰৰ ব্যৱস্থা থকাৰ লগতে ২০ খনতকৈ অধিক বাহন পাৰ্কিং কৰাৰ ব্যৱস্থা আছে।
ইয়াৰে প্ৰাৰম্ভিক পৰ্যায়ত ৪০ টা কোঠালী আৰম্ভ কৰা হ'ব যদিও পৰৱৰ্তী এমাহৰ ভিতৰত বাকীসমূহ কোঠালী তৈয়াৰ হৈ উঠিব বুলি হোটেল কৰ্তৃপক্ষই জানিবলৈ দিয়ে। লগতে প্ৰত্যেকটো কোঠালীত কিউ আৰ ক'ড (QR Code) সংলগ্ন থাকিব, যাৰ ফলত হোটেললৈ অহা লোকসকলৰ বাবে আৰ্থিক লেনদেনত কোনোধৰণৰ অসুবিধাৰ সৃষ্টি নহ'ব বুলিও হোটেলৰ তৰফৰ পৰা জানিবলৈ দিয়ে।
Comments