গুৱাহাটী, ১২ মাৰ্চঃ শনিবাৰে ছেডন পাৰ্কত অনুষ্ঠিত হোৱা আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপত টীম ইণ্ডিয়াই ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ১৫৫ ৰাণৰ বৃহৎ ব্যৱধানত জয়ী হয় লগতে স্মৃতি মান্ধানা আৰু হৰমনপ্ৰীত কৌৰে শতক অৰ্জন কৰে।
স্মৃতিয়ে ১১৯ টা বলত ১২৩ ৰাণ সংগ্ৰহ কৰাৰ সময়ত হৰমনপ্ৰীতে ১০৭ টা বলত ১০৯ ৰাণ সংগ্ৰহ কৰে। স্মৃতি আৰু হৰমনপ্ৰীতৰ দুৰ্দান্ত বেটিংৰ বাবে টীম ইণ্ডিয়া ৩১৭/৮ ত উপনীত হ'বলৈ সক্ষম হয়। যি হৈছে চলিত সংস্কৰণকে ধৰি বিশ্বকাপত টীম ইণ্ডিয়াৰ সৰ্বোচ্চ স্ক'ৰ।
ইয়াৰ প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে মাত্ৰ ১২ অভাৰত কোনো উইকেট নোযোৱাকৈ ১০০ ৰাণ সংগ্ৰহ কৰে। কিন্তু পৰৱৰ্তী সময়ত বেটিং অৰ্ডাৰে স্ক'ৰবোৰ্ডৰ চাপৰ বাবে নিম্নগামী হৈ ১৬২ ৰাণত ৱেষ্ট ইণ্ডিজৰ সকলো খেলুৱৈ আউট হয়।
বৰ্তমান, টীম ইণ্ডিয়াই ১৫৫ ৰাণৰ ব্যৱধানত জয়ী হোৱাত পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হৈছে আৰু ছেমিফাইনেলৰ দৌৰত এক বৃহৎ উৎসাহ লাভ কৰিছে।
টীম ইণ্ডিয়া বনাম ৱেষ্ট ইণ্ডিজৰ সংক্ষিপ্ত স্ক'ৰঃ
টীম ইণ্ডিয়া: ৫০ অভাৰত ৩১৭/৮ (স্মৃতি মান্ধানা ১২৩, হৰমনপ্ৰীত কৌৰ ১০৯; আনিছা মহম্মদ ২/৫৯, আলিয়া আলিনে ১/২৬)।
ৱেষ্ট ইণ্ডিজ: ৪০.৩ অভাৰত ১৬২ ৰাণত অল আউট। (ডেন্দ্ৰা ডটিন ৬২, হেইলি মেথিউচ ৪৩; স্নেহ ৰাণা ৩/২২, মেঘনা সিং ২/২৭) মুঠ ১৫৫ ৰাণ।
Comments