গুৱাহাটী, ১২ মাৰ্চঃ শনিবাৰে উৰিষ্যাৰ খোৰধা জিলাৰ বানাপুৰত নিলম্বিত বি জে ডিৰ (বিজু জনতা দল) বিধায়ক প্ৰসন্ত জগদেৱৰ বাহনৰ খুন্দাত উৰিষ্যাত ৭ জন আৰক্ষী কৰ্মীসহ কমেও ২২ জন লোক আহত হয় বুলি খবৰ পোৱা গৈছে।
উক্ত দুৰ্ঘটনাত চিলিকাৰ বিধায়কজনো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে, কিয়নো ব্লক অধ্যক্ষৰ নিৰ্বাচন চলি থকাৰ সময়ত বিডিঅ' বানাপুৰৰ কাৰ্যালয়ৰ বাহিৰত সমবেত হোৱা জনতাৰ আধা মানুহক বাহনখনে মহতিয়াই লৈ যায়।
ঘটনাটোত বানাপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক আৰ আৰ চাহুকে ধৰি দুজন লোক গুৰুতৰভাৱে আহত হয় আৰু তেওঁলোকক ততাতৈয়াকৈ ভুৱনেশ্বৰৰ এইমছলৈ লৈ যোৱা হয় বুলি বিষয়াসকলে জানিবলৈ দিয়ে।
লগতে, প্ৰায় ১৫ জন বিজেপি কৰ্মী আৰু ৭ জন আৰক্ষী কৰ্মী আহত হয়। বৰ্তমান, উক্ত বিষয়টোৰ তদন্ত আৰম্ভ কৰা হৈছে বুলি এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।
বিধায়কজনক প্ৰথমে টাংগী চিকিৎসালয়ত চিকিৎসা কৰা হয় যদিও পিছত ভুৱনেশ্বৰলৈ লৈ যোৱা হয়।
Comments