কিমিনৰ পৰা লখিমপুৰৰ ষ্টাফ ৰিপটাৰ ১২ মাৰ্চ ; অসম -অৰুণাচল সীমান্তবৰ্তী কিমিনৰ ইণ্ডো তিব্বত বৰ্ডাৰ পুলিচৰ প্ৰশিক্ষণ কেন্দ্ৰত আজি দেশ মাতৃৰ সুৰক্ষাৰ পন ললে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰা নৱ প্ৰশিক্ষিত ৪৮৫ গৰাকী জোৱানে ।
সুদীৰ্ঘ ৪৪সপ্তাহৰ কঠোৰ প্ৰশিক্ষনৰ অন্তত আজি কিমিনৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত শপত গ্ৰহণ সমাৰোহত দেশ মাতৃৰ সেৱাত নিজকে উৎসৰ্গা কৰি দেশ সেৱাৰ শপত লয় । আমি চাৰহদ সেনানি আমি সঁচা হিন্দুস্তানী " শ্লোগানেৰে নতুন জোৱান সকলে দেশৰ অখণ্ডতা আৰু ভৌগোলিক সুৰক্ষাৰ পন লৈ আজি শপত গ্ৰহণ অনুষ্ঠানৰ জৰিয়তে দেশৰ মূল সুঁতিত চামিল হয় আৰু ভাৰত ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পণ ,ত্যাগৰ মনোভাৱেৰে দেশ ৰক্ষাৰ বাবে দেশৰ ৰাষ্ট্ৰীয় পতাকা আৰু সংবিধানৰ শপত লয় ।
আজিৰ এই শপত গ্ৰহণ অনুষ্ঠানত মুখ অতিথি হিচাপে অংশ গ্ৰহণ কৰি নৱ প্ৰশিক্ষিত জোৱান সকলক উৎসাহিত কৰে ইণ্ডো তিব্বত বৰ্ডাৰ পুলিচৰ অতিৰিক্ত মহানিৰ্দেশক হেমন্ত প্রিয়দৰ্শীয়ে । তেওঁ নৱ প্ৰশিক্ষিত জোৱান সকল উৎসাহ প্ৰদান কৰি আগন্তুক দিনত দেশৰ হকে নিস্বাৰ্থ ভাবে কৰ্মত নিয়োজিত হবলৈ আহ্বান জনায় । বাহিনীৰ উপ মহানিৰ্দেশক মনমোহন গুলেৰিয়াই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত নতুন জোৱান সকলে আকৰ্ষণীয় পেৰেড, কলাকৌশল প্ৰদৰ্শন কৰে । অনুষ্ঠানত মুখ্য অতিথি গৰাকীয়ে প্ৰশিক্ষণৰ সময়ত বিভিন্ন বিষয়ত উৎকৃষ্ট প্ৰদৰ্শন কৰা প্ৰশিক্ষাৰ্থীক পুৰস্কৃত কৰে ।
এই ক্ষেত্ৰত সৰ্বোত্তম প্ৰশিক্ষাৰ্থী হিচাপে দীপক সিংহক,প্ৰশান্ত ডেকাক "বেষ্ট ইন ৱেপন, প্ৰবীণ শৰ্মাক 'বেষ্ট ইন ফায়াৰ , অঞ্জন মুখাৰ্জীক "বেষ্ট ইন ড্ৰিল ' বিশ্বজিত ৰাইক "বেষ্ট ইন শাৰীৰিক ট্ৰফী প্ৰদান কৰে ।অনুষ্ঠানৰ শেষত দীনেশ কুমাৰ সেনানীয়ে শলাগৰ শৰাই আগবঢ়ায় ।
Comments