গুৱাহাটী,১৩ মাৰ্চ:শেহতীয়াকৈ ছবিগৃহত মুক্তি পোৱা প্ৰভাস আৰু পূজা হেগড়েৰ ৰোমাণ্টিক-ড্ৰামা 'ৰাধে শ্যাম' অনলাইন পাইৰেটেড ৱেবচাইতত উপলব্ধ হৈ পৰে।ইউভি ক্ৰিয়েচন আৰু টি-চিৰিজৰ দ্বাৰা প্ৰযোজিত 'ৰাধে শ্যাম'ক হিন্দী, তামিল, তেলেগু, কানাড়া আৰু মালায়ালমকে ধৰি একাধিক ভাষাত মুক্তি দিয়া হৈছিল।কিন্তু ছবিগৃহত মুকলি হোৱাৰ কেইঘণ্টামানৰ ভিতৰতে এতিয়া এইখন বিনামূলীয়াকৈ ডাউনলোড কৰাৰ বাবে উপলব্ধ হৈ পৰিছে।ছবিখন অনলাইনত লিক হোৱাৰ সৈতে বক্স অফিচৰ ব্যৱসায়ত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা অধিক।
টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি, চলচ্চিত্ৰ নিৰ্মাতা বিবেক অগ্নিহোত্ৰীৰ শেহতীয়া মুক্তিপ্ৰাপ্ত 'দ্য কাশ্মীৰ ফাইলছ' পাইৰেচী ৱেবছাইটবোৰত লিক হৈছে আৰু বিনামূলীয়া ডাউনলোডৰ বাবে উপলব্ধ হৈ পৰিছে। চলচ্চিত্ৰখনত অনুপম খেৰ, মিথুন চক্ৰৱৰ্তী, পল্লৱী যোশী আৰু দৰ্শন কুমাৰৰ দৰে তাৰকাসকল আছে আৰু কাশ্মীৰ বিদ্ৰোহৰ সময়ত কাশ্মীৰী পণ্ডিতসকলৰ প্ৰস্থানৰ কাহিনী বৰ্ণনা কৰিছে। চলচ্চিত্ৰখনে সমালোচক আৰু অনুৰাগী দুয়োৰে পৰা প্ৰশংসা লাভ কৰি আহিছে। প্ৰতিবেদন অনুসৰি, 'ৰাধে শ্যাম' আৰু 'কাশ্মীৰ ফাইলছ' দুয়ো খন চলচ্চিত্ৰ বিনামূলীয়া ডাউনলোডৰ বাবে তামিলৰকাৰ আৰু অন্যান্য ছাইটত উপলব্ধ বুলি জানিব পৰা গৈছে।
Comments