Cartoon
View Older
গুৱাহাটী,১৩ মাৰ্চ:অখিল গগৈৰ নিচিনা অকৃতজ্ঞ মানুহ অসমৰ ৰাজনীতিত দ্বিতীয়জন নাই, সংবাদ মাধ্যমৰ আগতএই মন্তব্য কৰে ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাই। শোণিতপুৰ জিলাৰ খনামুখৰ জীয়াভৰলী নৈৰ খনন কাৰ্য পৰ্যবেক্ষন কৰিবলৈ আহি মন্ত্ৰী গৰাকীয়ে শিৱসাগৰৰ বিধায়ক অখিল গগৈক তীব্ৰ সমালোচনা কৰে।
লগতে অখিল গগৈক নিৰ্বাচনৰ সময়ত যিবোৰ মানুহে জিকাইছিল সেই একেখিনি মানুহকে তেখেতে মদ, টকাত বিক্ৰী গৈছে বুলি অখিল গগৈয়ে মন্তব্য কৰি তেওঁলোকক অপমানিত কৰিছে বুলিও কয় মন্ত্ৰী হাজৰিকাই । নিৰ্বাচনৰ সময়ত সমষ্টিৰ মানুহক অখিল গগৈয়ে মদ খুৱাইছিল নে টকা বিলাইছিল বুলিও প্ৰশ্ন কৰে হাজৰিকাই।
Comments