গুৱাহাটী,১৩ মাৰ্চ:মানুহৰ শৰীৰৰ বাবে প্রয়োজনীয় খাদ্য সম্ভাৰৰ ভিতৰত ৰসাল, সুস্বাদু অংশ এটা ফলমূলে অধিকাৰ কৰি আছে৷ দৈনন্দিন খাদ্য তালিকাত ফলমূলৰ বাবে এটা সুকীয়া স্থান সকলোৱে ৰাখে৷ ফলমূলৰ উপকাৰিতাৰ বিষয়ে নতুনকৈ কোৱাৰ প্রয়োজন নাই৷ ফলমূলৰ বাকলি অংশটো আমি সাধাৰণতে পেলাই দিওঁ৷ বহুতে অৱশ্যে ফুলগছক পুষ্টি যোগাবলৈ গছৰ গুৰিৰ মাটিত বাকলিবোৰ মিহলি কৰি দিয়ে৷ কিন্তু আমি বহুতে নাজানো যে ফলৰ এই বাকলিবোৰত এনে কিছুমান উপাদান নিহিত হৈ থাকে, যাক ছাল–চুলিৰ সৌন্দর্য ৰক্ষাত নিঃসংকোচে ব্যৱহাৰ কৰিব পাৰি৷ যাৰ বাবে বজাৰৰ পৰা অতি উৎকৃষ্টমানৰ বুলি ক্রয় কৰি অনা ব্যয়বহুল প্রসাধন সামগ্রীসমূহৰ পার্শ্বক্রিয়াৰ পৰা ছাল–চুলিক ৰক্ষা কৰিবলৈ আমি সক্ষম হব পাৰোঁ৷
আহকচোন, ছাল–চুলিৰ উপকাৰ সাধিব পৰা কেইবিধমান ফলৰ বাকলিৰ গুণাগুণৰ বিষয়ে আজি আলোচনা কৰোঁ৷
আম:আমৰ ৰাজকীয় ৰং, গোন্ধ, সোৱাদ, মাখন কোমল শাহ আৰু উপকাৰিতাৰ উপৰি ইয়াৰ বাকলিত মিহলি হৈ আছে নানানটা গুণ৷ বাকলিটো গুচাই মুখমণ্ডলত আলফুলে ঘঁহি পোন্ধৰ বিশ মিনিটৰ পিছত ধুব৷আমৰ বাকলিত থকা ভিটামিন এ আৰু বিটা কেৰটিনে ছাললৈ প্রাকৃতিকভাৱে উজ্জ্বলতা কঢ়িয়াই আনে৷
কলঃ কলৰ বাকলি মুখমণ্ডলত ঘঁহি অলপ দেৰি পিছত ধুই দিব৷ছালৰ বলিৰেখা আৰু শালমইনা দূৰ হব৷চকুৰ চাৰিওকাষৰ কলা দাগ আৰু চকু ফুলাৰ সমস্যাও ই লাঘৱ কৰে৷ তাৰ বাবে কলৰ বাকলি চকুৰ পতা আৰু চাৰিওকাষে আলফুলে ঘঁহি অলপ সময় ৰাখি ধুব৷মহে কামোৰা ঠাইত কলৰ বাকলি ঘঁহিলে খজুৱতিৰ পৰা আৰাম পোৱা যায়৷
আপেলঃ আপেলৰ বাকলিৰ পেষ্ট মুখমণ্ডলত লগাই পোন্ধৰ মিনিটৰ পিছত ধুই দিব৷ছালৰ অতিৰিক্ত তেল নিয়ন্ত্রণ কৰাত সহায় কৰে আৰু শালমইনা দূৰ কৰে৷অতি বেঙুনীয়া ৰশ্মিৰ পৰা ছালক ৰক্ষা কৰে৷ছালৰ কলা দাগ আৰু এক্নি নির্মূলত সহায় কৰে৷আপেলৰ বাকলিয়ে প্রাকৃতিক টনাৰৰ কাম কৰে৷ছালৰ আর্দ্রতা বজাই ৰাখে৷
কমলাঃ শীতকালীন ফল কমলাৰ বাকলিও ভিটামিন চি, কেলচিয়াম, মেগনেচিয়াম, পটাচিয়ামকে ধৰি বহুকেইবিধ আৱশ্যকীয় উপাদানেৰে ভৰপূৰ৷কমলাৰ বাকলিত থকা চাইড্রিক এচিডে ছালৰ ৰং প্রাকৃতিকভাৱে উজ্জ্বল কৰি তোলে৷ছালৰ অতিৰিক্ত তেলখিনি শুহি লয়৷কমলাৰ বাকলিত থকা কেলচিয়ামে ছালৰ মৃতকোষ দূৰ কৰি ছালখন পৰিষ্কাৰ কৰি ৰাখে৷
আনাৰসঃ আনাৰসৰ বাকলি ছালত আলফুলে ঘঁহি কিছুপৰৰ বাবে ৰাখি ধুই পেলাব৷আনাৰসৰ বাকলিয়ে ছালৰ আর্দ্র ভাব বজাই ৰখাত সহায় কৰে৷ছালৰ এক্নি আৰু শালমইনা দূৰ কৰাত সহায় কৰে৷ছালৰ পোৰণি হোৱা ঠাইত আনাৰসৰ বাকলি লগাই দিলে আৰাম পোৱা যায়৷
তৰমুজঃ গ্রীষ্মকালীন ফল হিচাপে তৰমুজৰ যথেষ্ট সমাদৰ আছে৷ তৰমুজৰ বাকলিৰ উপকাৰিতাৰ বিষয়ে বেছিভাগ মানুহেই অজ্ঞাত৷ তৰমুজৰ বাকলি অলপ সময় ফ্রীজত ৰাখি আলফুলে মুখমণ্ডলত ঘঁহি চাবচোন, ই ছালখনলৈ তৎক্ষণাৎ সজীৱতা কঢ়িয়াই আনিব৷ধূলি আৰু প্রদূষণে আমাৰ মুখমণ্ডলৰ ছালৰ নোমৰ গুৰিৰ ছিদ্রসমূহ বন্ধ কৰি দিয়ে৷ ফলত ছালখনে উজ্জ্বলতা হেৰুৱাই দেখাত নির্জীৱ হৈ পৰে৷ তৰমুজৰ বাকলি নিয়মীয়াকৈ ছালত লগালে ছালখন পৰিষ্কাৰ হৈ থাকে আৰু ছালৰ আর্দ্রতা বর্তি থাকে৷
ফলমূলৰ বাকলিবোৰ সৰু সৰুকৈ কাটি ৰদত ভালকৈ শুকুৱাই গুডি কৰি শুকান বটলত ভৰাই টানকৈ সাঁফৰ মাৰি ৰাখিলে বহু দিন ভালে থাকে৷গতিকে, ফলমূলৰ বাকলিবোৰ পেলাই দিয়াৰ সলনি সৌন্দর্য চর্চাৰ বাবে ব্যৱহাৰ কৰিব পাৰি৷
Comments