গুৱাহাটী,১৪ মাৰ্চ:অক্ষয় কুমাৰে 'বচ্চন পাণ্ডে'ৰ প্ৰচাৰৰ মাজতে 'দ্য কাশ্মীৰ ফাইলছ'ত অনুপম খেৰৰ অভিনয়ক প্ৰশংসা কৰিছিল।অক্ষয় কুমাৰ অভিনীত 'বচ্চন পাণ্ডে' সোনকালেই ডাঙৰ পৰ্দাত মুক্তি পাব। আক্কিয়ে বৰ্তমান ছবিখনৰ বাবে জোৰদাৰ প্ৰচাৰ চলাই আছে। কিন্তু ইয়াৰ মাজতে, 'দ্য কাশ্মীৰ ফাইলছ' সম্পৰ্কে দৰ্শকৰ মাজত হোৱা হুলস্থূলৰ বাতৰিৰ ওপৰত তেওঁ নিজৰ মন্তব্য প্ৰকাশ কৰে।
তেওঁ নিজৰ চলচ্চিত্ৰখনৰ প্ৰচাৰৰ মাজতে 'দ্য কাশ্মীৰ ফাইলছ'ৰ কলা কুশলী সকলক যথেষ্ট প্ৰশংসা কৰে। তেওঁ টুইট কৰি কয়,"অনুপম খেৰ আপোনাৰ প্ৰদৰ্শনৰ বিষয়ে একেবাৰে অবিশ্বাস্য কথা শুনি মই অভিভূত হৈ পৰিছোঁ।দৰ্শকসকল বৃহৎ সংখ্যাত চিনেমাগৃহলৈ উভতি অহা দেখি মই আচৰিত হৈছোঁ,অতি সোনকালে মই চিনেমাখন চাম।"
যোৱা শুক্ৰবাৰে 'দ্য কাশ্মীৰ ফাইলছ'ক মুক্তি দিয়া হৈছিল। বিবেক অগ্নিহোত্ৰীৰ পৰিচালনাত মুক্তি পোৱাৰ পিছৰে পৰা যথেষ্ট বিতৰ্কৰ সূত্ৰপাত হৈছে।
Comments