গুৱাহাটী,১৫ মাৰ্চ:বিবেক অগ্নিহোত্ৰীৰ ‘দ্যা কাশ্মীৰ ফাইলছ’ ১১ মাৰ্চত ছবিগৃহত মুক্তি লাভ কৰিছে। কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত হোৱা বৰ্বৰতাৰ কাহিনী বৰ্ণনা কৰি অনুপম খেৰ অভিনীত ছবিখনে বক্স অফিচত খলকনিৰ সৃষ্টি কৰিছে। ছবিখনে দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে, কিন্তু এতিয়া লাহে লাহে বহুতো তাৰকাই ছবিখনৰ চৰিত্ৰসমূহ আৰু বিবেক অগ্নিহোত্ৰীৰ ‘দ্যা কাশ্মীৰ ফাইলছ’ৰ প্ৰশংসা কৰিছে। কংগনা ৰাণাৱত আৰু অক্ষয় কুমাৰৰ পিছত, অভিনেতা মুকেশ খান্না, যি “শক্তিমান” হৈ জনসাধাৰণৰ হৃদয়শাসন কৰিছে, তেওঁ উক্ত ছবিখনত নিজ সমৰ্থন প্ৰকাশ কৰিছে।
চেলিব্ৰিটি ফটোগ্ৰাফাৰ ভাইৰেল ভায়ানীয়ে তেওঁৰ ইনষ্টাগ্ৰামত জনপ্ৰিয় অভিনেতা মুকেশ খান্নাৰ সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপৰ এটা ভিডিঅ’ পোষ্ট কৰিছিল। এই ভিডিঅ’টোত, অভিনেতাজনে বিবেক অগ্নিহোত্ৰীৰ ছবিখনৰ প্ৰশংসা কৰা দেখা গৈছে। মুকেশ খান্নাই কয়, ” ডাঙৰ প্ৰচাৰকসকলে ছবিখনৰ প্ৰচাৰ কৰক। আমাৰ উদ্যোগত, আমি নাজানো কিয় মানুহে নিজকে ভাৰতৰ পৰা পৃথক কৰে।”
মুকেশ খান্নাই ছবি উদ্যোগটোক লৈ কয় যে, “যদি আপুনি ভাৰতীয়সকলৰ এই দুখ-কষ্ট বুজি নাপায়, তেন্তে আপুনি ভাৰতীয় নহয়। যদি এই লোকসকলৰ কাহিনী বৰ্ণনা কৰা এই ছবিখনৰ (দ্য কাশ্মীৰ ফাইলছ) আপুনি প্ৰচাৰ নকৰে, তেন্তে ৰাইজে এই ছবিখনৰ প্ৰচাৰ কৰিব। ঠিক যেনেদৰে মই আজি কৰি আছো। যদি আপুনি এতিয়া সাধাৰণ মানুহৰ পৰ্যালোচনাবোৰ লক্ষ্য কৰে, তেতিয়া আপুনি দেখিব যে ছবিখনে বহুলভাৱে সমাদৰ লাভ কৰিছে। এই ছবিখনৰ প্ৰচাৰ এনেদৰে কৰা উচিত, যাতে ই এক ব্লকবাষ্টাৰ হয়। এইখন কেৱল এখন ছবি নহয়, এক উদ্দেশ্য আৰু লক্ষ্য। যাক চৰকাৰেও পাহৰি গৈছে।
Comments