গুৱাহাটী,১৫ মাৰ্চ:বিবেক অগ্নিহোত্ৰীৰ ‘দ্য কাশ্মীৰ ফাইলছ’ ১১ মাৰ্চত ছবিগৃহত মুক্তি লাভ কৰিছে। কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত হোৱা বৰ্বৰতাৰ কাহিনী বৰ্ণনা কৰি অনুপম খেৰ অভিনীত ছবিখনে বক্স অফিচত খলকনিৰ সৃষ্টি কৰিছে। ছবিখনে দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে, কিন্তু এতিয়া লাহে লাহে বহুতো তাৰকাই ছবিখনৰ চৰিত্ৰসমূহ আৰু বিবেক অগ্নিহোত্ৰীৰ ‘দ্যা কাশ্মীৰ ফাইলছ’ৰ প্ৰশংসা কৰিছে। কংগনা ৰাণাৱত আৰু অক্ষয় কুমাৰৰ পিছত, অভিনেতা মুকেশ খান্নায়ো উক্ত ছবিখনক লৈ নিজৰ সমৰ্থন প্ৰকাশ কৰিছে।
অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা সহিতে অসম বিধানসভাৰ অন্য সদস্য সকলে আজি সন্ধিয়া ৬ বজাত গুৱাহাটীস্থিত পিভিআৰ চিনেমা হ'লত এই চলচ্চিত্ৰ খন একেলগে উপভোগ কৰিব।মূলতঃ কাশ্মীৰী পণ্ডিত সকলৰ সৈতে সহমৰ্মীতা প্ৰকাশ কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে বিজেপি নেতৃত্বই।
Comments