গুৱাহাটী,১৭ মাৰ্চ: ৰাছিয়াৰ ক্রমাগত আগ্রাসনৰ প্ৰত্যুত্তৰ দিলে ইউক্রেইনে। খেৰছন আন্তর্জাতিক বিমানবন্দৰত ৰাছিয়াৰ প্ৰায় তিনিখন সামৰিক হেলিকপ্টাৰ ধ্বংস কৰিলে ইউক্রেইনৰ সেনাই।
ৰাছিয়াৰ আগ্রাসনৰ ২০ দিন অতিক্রম কৰিছে।এই সময়কালত ইউক্রেইনৰ সৰ্ববৃহৎ প্রত্যাঘাতৰ ঘটনা সংঘটিত হ’ল খেৰছন বিমানবন্দৰত ।
উপগ্রহ চিত্র বিশ্লেষণ কৰি দেখা গৈছে, ইউক্রেইনৰ সেনাই ৰাছিয়াৰ প্ৰায় তিনিখন সামৰিক হেলিকপ্টাৰত আঘাত কৰিছে । ক’লা ধোঁৱাৰ কুণ্ডলি আকাশত বিয়পি পৰাৰ ছবিও ধৰা পৰিছে উপগ্রহ চিত্রত । বিমানবন্দৰত থকা ৰুছ সামৰিক বাহিনীৰ গাড়ীও ধ্বংস কৰিছে ইউক্রেইনৰ সেনাই ।
ধ্বংসলীলাৰ ব্যাপ্তি ইমানেই ব্যাপক যে সেয়া নাছাৰ ‘ফায়াৰ ইনফৰমেছন ফৰ ৰিছ’ৰ্চ মেনেজমেন্ট ছিষ্টেম (ফার্মছ)’-ৰ কেমেৰাতো ধৰি পৰিছে।
সাধাৰণতে বিশ্বৰ কোনো বৃহৎ অগ্নিকাণ্ডৰ ছবি ইয়াত ধৰা পৰে । স্থানীয় সময় দুপুৰীয়া ১ বাজি ৩০ মিনিটৰ কিছু সময় পাছত ইউক্রেইনৰ সেনাই বিমানবন্দৰত আক্ৰমণ চলায় । তাৰ কিছু সময় আগতে তোলা মেক্সাৰৰ উপগ্রহ চিত্রত দেখা গৈছে, বিমানবন্দৰৰ টাৰমেকত শাৰী শাৰী সামৰিক হেলিকপ্টাৰ ৰখাই থোৱা আছে । বহু সামৰিক সজুঁলি কঢ়িওৱা গাড়ীও আছে ।
Comments