গুৱাহাটী, ১৬ মাৰ্চঃ হোলী এনে এক উৎসৱ, য'ত সমগ্ৰ দেশে ৰঙেৰে ৰঙীন হৈ পৰে। চলিত বৰ্ষৰ ১৮ মাৰ্চত সমগ্ৰ দেশতে হোলী উদযাপন কৰা হ'ব। ইয়াৰ মাজতে দেশত কিছুমান এনে ঠাই আছে য'ত হোলীৰ সময়ত কিছুমান অদ্ভুত পৰম্পৰা পালন কৰা হয়। ঠিক এনে এক অদ্ভুত পৰম্পৰা মধ্য প্ৰদেশত পালন কৰি অহা হৈছে।
মধ্য প্ৰদেশৰ এখন গাঁৱত, ভিল জনজাতীয় সকলে হোলীৰ দিনা এক অতি আকৰ্ষণীয় পৰম্পৰা অনুসৰণ কৰে। আচলতে, এই গাওঁখনত এখন বজাৰ আছে। এই বজাৰখনক হাট বুলি কোৱা হয়। এই হাটত, ভিল জনজাতীয় লোকসকলে হোলীৰ অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ আহে। ইয়াৰ লগতে, ভীল যুৱক-যুৱতীসকলে নিজৰ বাবে এক নতুন সম্পৰ্ক বিচাৰিও হাটলৈ আহে।
পৰম্পৰা অনুসৰি, গাওঁখনৰ সকলো লোক হাটত একত্ৰিত হয়। ইয়াৰ পিছত, ভিল যুৱকসকলে হাতেৰে মণ্ডল নামৰ এটা বাদ্যযন্ত্ৰ বজায়। এই সময়ছোৱাত তেওঁলোকে নৃত্যও কৰে। নাচি থাকোঁতে, ভীল যুৱকসকলে তাত বহি থকা ছোৱালীবোৰৰ গালত আবিৰ সানি দিয়ে। ভিল যুৱকসকলে যিকোনো ছোৱালীৰ গালত আবিৰ সানি দিয়ে। তেনেতে, যদি সেই যুৱতীগৰাকীয়েও সেই যুৱকজনৰ গালত আবিৰ সানি দিয়ে, তেনেহ'লে তেওঁলোক দুয়োৰে পাৰস্পৰিক সন্মতি বুলি গণ্য কৰা হয়।
ইয়াৰ পিছত, যুৱকজনে সেই ছোৱালীজনীক সকলোৰে সন্মুখৰ পৰা পলুৱাই লৈ যায়। এইটো দুয়োৰে সন্মতি অনুসৰিহে হয় আৰু ইয়াক দুয়োৰে বিবাহ হিচাপে গণ্য কৰা হয়। ছোৱালীজনীয়ে যাৰ সৈতে বিচাৰে পলাই যাব পাৰে আৰু পৰিয়ালৰ সদস্যসকলে এই বিষয়ত একো মাত মাতিব নোৱাৰে। আনহাতে, যদি ছোৱালীজনীয়ে কোনো যুৱকৰ গালত আবিৰ সানি নিদিয়ে, তেন্তে যুৱকজনে আন বেলেগ ছোৱালীক আবিৰ সানি সম্পৰ্ক গঢ়াৰ চেষ্টা কৰে।
Comments